নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রই বিটিচিক দিয়া পাঁচ হাজাৰ কোটি টকাৰ সদ্ব্যৱহাৰ হোৱা নাই

বৰিমাখাত এবছুৰ সভাত ইউপিপিএলৰ সভাপতি প্রমোদ বড়ো

নিয়মীয়া বার্তা, ৯ মার্চঃ বাগ্সা জিলাৰ বৰিমাখাত দেোবাৰে বৰিমাখা আঞ্চলিক এবছুৰ উদ্যোগত অনুষ্ঠিত এখন ৰাজহুৱা সভাত অংশগ্রহণ কৰি প্রমোদ বড়োৱে কয় যে তেওঁ কোনটো সমষ্টিৰ পৰা বিটিচি নির্বাচনত অংশগ্রহণ কৰিব সেয়া এতিয়াও ঠিৰাং কৰা নাই ৷ নির্বাচনৰ দিন ঘোষণা হ’লেহে সিদ্ধান্ত গ্রহণ কৰিব বুলি তেওঁ প্রকাশ কৰে ৷ তেওঁ কয় যে ইউ পি পি এল দলে বিটিচিৰ ৪০ টা পৰিষদীয় সমষ্টিৰ কথাহে চিন্তা কৰি আছে ৷ ইফালে বিটিআৰ গঠনৰ পিছত কেন্দ্র চৰকাৰে প্রদান কৰা পোন্ধৰশ কোটি টকা ব্যৱহাৰ কৰাৰ ক্ষেত্রত তেওঁ কয় যে কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহক বাদ দি তৃণমূল পর্যায়ৰ লোকৰ উন্নয়নৰ বাবে আঁচনি গ্রহণ কৰিব লাগিব ৷ সেই আঁচনি লোৱাৰ বাবেহে কেন্দ্র চৰকাৰে ১৫শ কোটি টকা প্রদান কৰিছে ৷

ইউ পি পি এলৰ সভাপতি বড়োৱে কয় যে বিগত সময়ছোৱাত কেন্দ্র চৰকাৰে বিটিচি প্রশাসনক দিয়া প্রায় পাঁচ হাজাৰ কোটি টকাৰ কোনো সদ্ব্যৱহাৰ হোৱা নাই ৷ বিটিচিত কিছুমান ডাঙৰ ডাঙৰ ঘৰ নাইবা চৰকাৰী কার্যালয় নির্মাণ হ’লেই উন্নয়ন হোৱা নুবুজায় ৷ বিগত সময়ত কেৱল দুর্নীতিৰ পাছত দুর্নীতি সংঘটিত হৈছে ৷ উন্নয়নৰ নামত আবণ্টিত ধনৰাশি আত্মসাৎ কৰিছে ৷ সেয়ে ৰাইজে পৰিৱর্তন বিচাৰিছে ৷ ৰাজনৈতিক পৰিৱর্তন হ’লেহে বিটিচিত সংঘটিত দুর্নীতিসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিব পাৰিব ৷ তেওঁ কয় যে ইউ পি পি এল দল ক্ষমতালৈ আহিলেই সকলো দুর্নীতি পোহৰলৈ আনিব ৷ সকলোকে আইনৰ আওতালৈ আনিব লাগিব ৷ আনহাতে তেওঁক বিটিচিৰ প্রধান হাগ্রামা মহিলাৰীয়ে বেপাৰী আৰু ঠিকাদাৰ বুলি সমালোচনা কৰা সন্দর্ভত নিজৰ প্রতিক্রিয়া ব্যক্ত কৰি প্রমোদ বড়োৱে কয় যে হাগ্রামা মহিলাৰী নিজে এজন বেপাৰী ৷ শিলৰ পৰা আৰম্ভ কৰি হোটেল, মেডিকেলৰ বেপাৰ কৰি আহিছে ৷ প্রতিটো ঠিকাৰ পৰা কমিছন লৈ আহিছে ৷ গতিকে তেওঁ আনকো বেপাৰী আৰু ঠিকাদাৰ বুলি ভাবে ৷

প্রমোদ বড়োৱে কয় যে মই আজিলৈকে হাগ্রামা মহিলাৰীক বেপাৰী বা ঠিকাদাৰৰ দৃষ্টিৰে চোৱা নাই ৷ সদায় সন্মান কৰি আহিছো ৷ গতিকে তেওঁ আনকো সন্মান দিবলৈ শিকিব লাগে ৷ ইফালে আগন্তুক বিটিচি নির্বাচনত গণ সুৰক্ষা পার্টীৰ সৈতে ইউ পি পি এল দলে মিত্রতা সন্দর্ভত বড়োৱে কয়– বর্তমানলৈ এই বিষয়ে তেনে কোনো সিদ্ধান্ত গ্রহণ কৰা নাই । দলৰ আদর্শগত মিল থকা কোনো দলৰ সৈতে মিত্রতা কৰিবও পাৰোঁ ৷ সেয়ে নির্বাচনৰ দিন ঘোষণাৰ পিছতহে সিদ্ধান্ত গ্রহণ কৰিব ৷ অৱশ্যে মিত্রতাৰ দুৱাৰ খোলা আছে বুলি জানিব দি প্রমোদ বড়োৱে কয় যে সাংসদ নৱ কুমাৰ শৰণীয়াৰ কথাৰ মূল্য নাই ৷ কেতিয়াবা যদি প্রমোদ বড়োক বিটিচিৰ চীফ বনাম বুলি কয়, আৰু কেতিয়াবা প্রমোদ বড়োৱে ৰাজনীতিৰ অ আ ক খ নাজানে বুলি সমালোচনা কৰে ৷ তথাপি কোনো দলে মিত্রতাৰ বাবে আগবাঢ়ি আহিলে তেওঁলোকে চিন্তা কৰিব ৷ প্রাক্তন এবছু নেতা লক্ষ্মণ বড়োৱে আঁত ধৰা সভাত এন ডি এফ বি প্রগতিশীলৰ কার্যনির্বাহক সদস্য গোপাল ৰাভা, ইউ পি পি এল দলৰ কেন্দ্রীয় সমিতিৰ উপ–সভাপতি বেৰলাও কে নার্জাৰী, মুছলপুৰ জিলা সমিতিৰ সভাপতি কাতিৰাম বড়ো, সম্পাদক দয়াল শৰণীয়াৰ লগতে মুছলপুৰ পৰিষদীয় সমষ্টিৰ প্রার্থিত্বৰ দাবীদাৰ এন ডি এফ বি প্রগতিশীলৰ প্রচাৰ সম্পাদক বি বডোচা উপস্থিত আছিল ৷ প্রায় ডেৰ সহস্রাধিক লোক উপস্থিত থকা সভাখনত বিভিন্ন ৰাজনৈতিক দলৰ অর্ধশতাধিক লোকে আনুষ্ঠানিকভাৱে ইউ পি পি এল দলত যোগদান কৰে ৷

You might also like