নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রীয় কাৰাগাৰত ক’ৰোনাৰ ভয়ংকৰ ৰূপ, ১২০জন পজিটিভ

নিয়মীয়া বাৰ্তা, ১৫ জুলাই: সুদীর্ঘ ছমাহ কাৰাবাসৰ অন্তত মুকলি আকাশৰ তললৈ ওলাই আহিল ছাত্র মুক্তি সংগ্রাম সমিতিৰ কার্যকৰী সভাপতি মানস কোঁৱৰ৷ ‘নিয়া’ৰ গোচৰত কৃষক নেতা অখিল গগৈৰ সৈতে কাৰাবন্দী হোৱা ছাত্র নেতাগৰাকীয়ে কালিয়েই জামিন লাভ কৰিছিল যদিও কেন্দ্রীয় কাৰাগাৰ কনটেইনমেণ্ট জ’ন হোৱাৰ অজুহাতত তেওঁক মুকলি কৰি দিয়া হোৱা নাছিল৷   মহানগৰ জিলা উপায়ুক্তৰ অনুমতি সাপেক্ষে মানস কোঁৱৰক লখৰাৰ কেন্দ্রীয় কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয়৷ মুক্তিৰ পাছতে সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে কাৰাগাৰৰ ভিতৰচ’ৰাৰ অৱস্থা বর্তমান অতিশয় অস্বাস্থ্যকৰ হৈ পৰিছে৷ ৮০ শতাংশ হাজোতী–কয়দীয়ে জ্বৰ, কাহ বা গাৰ বিষত আক্রান্ত৷ কিন্তু আটাইসকল কাৰাবন্দীৰ এতিয়াও ক’ভিড টেষ্ট কৰোৱা হোৱা নাই৷ মাত্র ২০০জন কাৰাবন্দীৰ ক’ভিড পৰীক্ষা কৰোৱা হৈছিল আৰু তাৰ ভিতৰত ১২০জনৰ দেহতে ক’ৰোনাৰ সংক্রমণ ধৰা পৰিছে৷

পৰহিয়ে ৫১গৰাকী বন্দীৰ দেহত ক’ভিড পজিটিভ পোৱা গৈছিল যদিও কালি সন্ধিয়ালৈকে তেওঁলোকক এটা চেলত তলাবন্ধ কৰি ৰখা হয়৷ ইয়াৰ পাছত প্রতিবাদ কৰোঁতেহে বাছত উঠাই ক’ৰোনা আক্রান্তসকলক চিকিৎসালয়লৈ লৈ যোৱা হয়৷ ইয়াৰ বাহিৰেও কাৰাগাৰৰ ভিতৰৰ খাদ্যৰ মান অত্যন্ত নিম্নমানৰ৷ পানীও প্রদূষিত৷ সেই পানী খাই বহু লোক হেপাটাইটিছ–বিত আক্রান্ত হৈছে৷ তেওঁলোকেও এতিয়ালৈকে সঠিক চিকিৎসা লাভ কৰা নাই৷ কাৰাগাৰৰ পৰা বাহিৰলৈ ওলোৱাৰ পাছতে সতীর্থৰ উষ্ম সম্ভাষণ গ্রহণ কৰি মানস কোঁৱৰে কয় যে এতিয়াৰে পৰা নাগৰিকত্ব সংশোধনী আইনবিৰোধী আন্দোলন অধিক তীব্রতৰ হ’ব৷ প্রতিগৰাকী অসমৰ নাগৰিকে এতিয়াও নিজৰ বিবেকেৰে ‘কা’ৰ বিৰোধিতা কৰি আছে৷ শীঘ্রে ৰাইজ ‘কা’ৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিব৷ তেওঁ পুনৰ কয় যে ‘কা’ বিৰোধিতাৰ সমান্তৰালভাৱে বিজেপি–আৰ এছ এছৰ ফেচীবাদী শাসন উৎখাত কৰাৰ বাবেও সংগ্রাম চলিব৷ দেশত এতিয়া গণতন্ত্র নাই, চৰম ফেচীবাদী শাসন চলিছে৷ ইফালে, ক’ৰোনা ভাইৰাছৰ সংক্রমণে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ সময়তে গুৱাহাটীৰ কেন্দ্রীয় কাৰাগাৰৰ ভিতৰৰ দুৰৱস্থা আদালতৰ দৃষ্টিগোচৰ কৰিছে কেইগৰাকীমান অধিবক্তাই৷

অধিবক্তা কৃষ্ণ গগৈ, কিশোৰ কুমাৰ কলিতা, মনোজ কুমাৰ দেউৰী আৰু সুৰজিৎ বৈৰাগীয়ে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত, ‘নিয়া’ৰ বিশেষ আদালত আৰু জিলা সত্র ন্যায়িক দণ্ডাধীশৰ আদালতত এই সন্দর্ভত আবেদন দাখিল কৰিছে৷ ছাত্র মুক্তি সংগ্রাম সমিতিৰ নেতা মানস কোঁৱৰক মুকলি কৰি অনাৰ বাবে যোৱা সময়ত কেন্দ্রীয় কাৰাগাৰৰ পৰিস্থিতি পর্যবেক্ষণ কৰি উদ্বিগ্ণ হৈ পৰা অধিবক্তাসকলে এই আবেদন দাখিল কৰিছে৷ বিশেষকৈ কাৰাগাৰৰ ৯৫ শতাংশ বন্দী ক’ভিড–১৯ত আক্রান্ত হোৱা বুলি আবেদনত উল্লেখ কৰা হৈছে৷ বিগত সময়ছোৱাত স্বাস্থ্যবিধি অনুসৰি কয়দীসকলক নৰখা বাবেই এই পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি আশংকা কৰা হৈছে৷ আনকি কাৰাগাৰৰ ভিতৰৰ দুৰৱস্থা এজন বন্দীয়ে এখন পত্রৰ জৰিয়তে উন্মোচন কৰিছিল৷ সেয়েহে কাৰাগাৰখনৰ এই পৰিস্থিতিত আদালতক হস্তক্ষেপ কৰিবলৈ আবেদনখনৰ জৰিয়তে প্রার্থনা জনোৱা হৈছিল৷

You might also like