নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ অহা ২ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব অসম বিধান সভাৰ বাজেট অধিৱেশন। ৰাজ্যপাল জগদীশ মুখীয়ে শুকুৰবাৰে এক নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি অহা ২ মাৰ্চৰ পুৱা ৯.৩০ বজাত বিধানসভাৰ বাজেট অধিৱেশনৰ কার্যসূচী আৰম্ভ হ’ব৷ অধিৱেশনৰ সময়ছোৱাতে বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পৰৱর্তী বিত্তীয় বর্ষৰ বাবে দাখিল কৰিব বাজেট৷
কেন্দ্রীয় বাজেটৰ ওপৰত নির্ভৰ কৰিব ৰাজ্যিক বাজেটঃ ড০ শর্মা
পৰৱর্তী বিত্তীয় বর্ষৰ বাবে ৰাজ্য চৰকাৰৰ বাজেট সন্দর্ভত গুৰুত্বপূর্ণ মন্তব্য কৰিছে বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সংবাদ মাধ্যমৰে হোৱা বার্তালাপত বিত্তমন্ত্রী ড০ শর্মাই কয় যে আজি কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে দাখিল কৰিবলগীয়া বাজেটখনৰ ওপৰতে ৰাজ্যিক বাজেট নির্ভৰ কৰিব৷ আজি বাজেটখনৰ ওপৰত আমাৰ দৃষ্টি থাকিব কেন্দ্রীয় খণ্ডৰ আঁচনি আৰু হস্তান্তৰ পুঁজি ৰাজ্যৰ বাবে কিমান বৃদ্ধি কৰে৷ কিয়নো বিত্তীয় আয়োগে এই বছৰৰ পুঁজি আবণ্টনৰ যি পৰামর্শ প্রদান কৰিব লাগিছিল, সেই পৰামর্শ জম্মু–কাশ্মীৰ নতুনকৈ কেন্দ্রীয়শাসিত অঞ্চল হোৱা হেতু প্রদান কৰিব নোৱাৰিলে৷ ইয়াৰ বিপৰীতে অস্থায়ী পৰামর্শহে প্রদান কৰিলে৷ গতিকে এই পৰামর্শ অনুসৰি কেন্দ্রীয় খণ্ডৰ আঁচনি আৰু হস্তান্তৰ পুঁজি কিমান বৃদ্ধি হ’ব, সেয়া লক্ষণীয় হ’ব৷ বাকী কেন্দ্রীয় বাজেটত আন ৰাজ্যক যিধৰণে পুঁজি আবণ্টন দিয়া হ’ব, সেইধৰণে অসমকো পুঁজি আবণ্টন দিয়া হ’ব৷ এইক্ষেত্রত অসমে বিশেষ সুবিধা পাব লাগিছিল বুলি মই বিশ্বাস নকৰোঁ৷ গতিকে কেন্দ্রীয় বাজেটত ৰাজ্যৰ বাবে হস্তান্তৰ পুঁজি কিমান বৃদ্ধি হয়, তাৰ ওপৰতহে মোৰ চকু নিবদ্ধ থাকিব৷