নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ অসম সন্দৰ্ভত বিৰূপ মন্তব্য কৰা জেএনইউৰ প্ৰাক্তন ছাত্ৰ ছাৰ্জীল ইমামৰ সমৰ্থনত বুদ্ধিজীৱি হীৰেন গোহাঁয়ে এইয়া যৌৱনৰ আবেগ বুলি কোৱা বিষয়টো মঙলবাৰৰ সংবাদমেলত উল্লেখ কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । দিল্লীত মাদানীৰ লগত একেখন সভাত অংশগ্ৰহণ প্ৰসংগও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।
পৰৱৰ্তী সময়ত ছাৰ্জীল ইমাম সম্পৰ্কতো হীৰেন গোহাঁয়ে কৰা বক্তব্যক লৈ মোৰ কোনো আক্ষেপ নাই বুলিও কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কিয়নো মুছলমান মৌলবাদৰ পক্ষত থকা এইজন হীৰেন গোহাঁয়ে অসম আন্দোলনৰো বিৰোধিতা কৰিছিল । তাৰ পাচতো একাংশ শিল্পী, সাহিত্যিক অথবা ব্যক্তিয়ে হীৰেন গোহাঁইৰ লগত থাকি স্বাক্ষৰ কৰি তেওঁক ন্যাৰ্যতা প্ৰদান কৰা বিষয়টোহে চিন্তনীয় বুলি কয় মন্ত্ৰীগৰাকীয়ে । হীৰেন গোহাঁয়ে যি কৰে অসমৰ ৰাইজে তাৰ ওলোটা কৰিব লাগে , হীৰেন গোহাঁয়ে যদি ক’লা বুলি কয় আমি বগা বুলি ক’ব লাগে বা তেওঁ বগা বুলি ক’লে আমি ক’লা বুলি ক’ব লাগে । ‘কেব’ক জাতিধ্বংসী নহয় হীৰেন গোহাঁইক জাতিধ্বংসী ক’ব লাগে কিয়নো অসম আন্দোলনৰ পৰা বৰ্তমানলৈ হীৰেন গোহাঁইৰ স্থিতি জাতিবিৰোধী বুলি কয় মন্ত্ৰী ড০ শৰ্মাই ।