নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চঃ অসম চৰকাৰে ১ এপ্ৰিলৰ পৰা লকডাউন শিথিল কৰা বুলি একাংশ সংবাদমাধ্যমত প্ৰচাৰিত হৈ থকা বাতৰি সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । মঙলবাৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ আগত কয় যে, কোনোকাৰণতে শিথিল কৰা নহয় লকডাউন । ২১ দিনীয়া লকডাউনৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ’ব ।
মন্ত্ৰীগৰাকীয়ে কয় যে, সোমবাৰে কেবিনেট আলোচনাৰ অন্তত ভাৰত চৰকাৰৰ অধিসূচনাৰ অধীনত যদি কোনো উৎপাদন উদ্যোগে নিজৰ উৎপাদন স্বাস্থ্যসন্মতভাৱে আৰম্ভ কৰিব খোজে তেন্তে আবেদন কৰিব পাৰিব । এই আবেদনৰ ভিত্তিত জিলা উপায়ুক্তই চাফ-চিকুণতা আৰু স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিছে নে নাই সেয়া চাব । তাৰ পাচত হয়তো সম্পূৰ্ণ সুৰক্ষাৰ অন্তত উপায়ুক্তই উৎপাদন উদ্যোগ চলোৱাৰ নিৰ্দেশ দিব পাৰে ।
অৱশ্যে ইয়াৰ পাচতো কিন্তু ২১ দিনীয়া লকডাউন শিথিল কৰা হ’ল বুলি কোনো লোক ঘৰৰ পৰা ওলাই অহাৰ প্ৰশ্ন নুঠে । ইফালে, একাংশ সংবাদমাধ্যমৰ লকডাউন শিথিল কৰা কথাটো উৰাবাতৰি বুলিহে উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ।