নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোৰামাৰী বিলত কোনে চলালে পক্ষী নিধন ?

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ জীৱশ্ৰেষ্ঠই নৃশংতাৰ চৰম সীমা অতিক্ৰম কৰিলে হাজোত । তীৰ্থনগৰী হাজোৰ কোৰামাৰী বিলৰ এক দৃশ্যই এতিয়া হতচকিত কৰি তুলিছে সকলোকে । চাৰিওফালে কেৱল আৰু কেৱল মাত্ৰ দুষ্প্ৰাপ্য চৰাইৰ মৃতদেহ । কোনো দুৰ্বৃত্তই চোৰাং বজাৰত বিক্ৰী কৰাৰ বাবে বিহ দি এনেদৰে এইসমূহ পক্ষী নিধন কৰা অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে ।

উল্লেখ্য যে, একাংশ চোৰাং চিকাৰীয়ে ভিন্ন সময়ত হাজোৰ বিভিন্ন প্ৰান্তত এইদৰে পক্ষী নিধন কৰি বিক্ৰী কৰি আহিছে চোৰাং বজাৰত । ইয়াৰ পাচতো কিন্তু নিধিৰাম চৰ্দাৰৰ ভূমিকাত আছে ৰাজ্যৰ বিয়াগোম বন বিভাগ । শীতৰ সময়ত পৰিভ্ৰমী চৰাইৰ কাকলিৰে মুখৰিত হৈ পৰা কোৰামাৰী বিলৰ এই দৃশ্য সঁচাকৈয়ে দুখজনক । পৰ্যটনৰ সম্ভাৱনা থকা কোৰামাৰী বিলক উন্নীত তথা পক্ষীকুলক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ বন বিভাগে এইসমূহ দৃশ্য দেখাৰ পাচত কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে ?

You might also like