নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ৰমাগত খহনীয়াঃ পুনৰ আৰক্ষীৰ জালত আলফা(স্বা)ৰ সদস্য

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ দেওবাৰে তিনিচুকীয়া জিলাৰ বৰডুমচা থানাৰ অন্তৰ্গত নৱজিতিৰ পৰা চৰাইদেউ আৰক্ষী আৰু সাপেখাটী সেনা চাউনীৰ এক যুটীয়া অভিযানত গ্ৰেপ্তাৰ কৰে আলফা কেডাৰ লক্ষেশ্বৰ বৰুৱা ওৰপে ধূপ সিং ওৰফে লাৱাং অসমক । সেনা আৰক্ষীৰ এই অভিযানত ৭.৬৫ এম এম এটা পিষ্টল সহ আলফাৰ পতাকা আৰু বহু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ হয় । নতুনকৈ আলফা সদস্য ভৰ্তিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা লাৱাং অসমে আলফাৰ প্ৰচাৰ সচিব অৰুণোদয় দহোটীয়াৰ নিৰ্দেশ সাপেক্ষে নামৰূপ আৰু দাঁতিকাষৰীয়া চৰাইদেউৰ জিলাৰ পৰা সদস্য ভৰ্তি অভিযান অব্যাহত ৰাখিছিল । লাৱাং অসমক সেনা-আৰক্ষীৰ এই দলটোৱে বৰহাট আৰক্ষীক গতাই দিয়ে ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে শনিবাৰে নামৰূপৰ পৰা গ্ৰেপ্তাৰ কৰা হয় তিনিজনকৈ আলফা সদস্যৰ লগতে লিংকমেন । ইফালে , যোৱা বৃহস্পতিবাৰেও নিশাও আৰক্ষীয়ে বৰডুমচাৰ পৰা গ্ৰেপ্তাৰ কৰে আলফাত যোগদানৰ বাবে যোগাযোগ অব্যাহত ৰখা ৬ জনকৈ যুৱকক ।

You might also like