নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ৰীড়াবিদ জিতেন্দ্ৰ নাথ চক্ৰৱতী সোঁৱৰণি উজনি অসম প্ৰাইজমানি টেবুল টেনিচ প্ৰতিযোগিতাৰ উদ্বোধন মন্ত্ৰী বিমল বড়াৰ

নিয়মীয়া বাৰ্তা, ১৪ মেঃ ডিব্ৰুগড়ৰ এগৰাকী বিশিষ্ট ক্ৰীড়াবিদ জিতেন্দ্ৰ নাথ চক্ৰৱতী সোঁৱৰণি উজনি অসম প্ৰাইজমনি টেবুল টেনিচ প্ৰতিযোগিতাখনিৰ আজি উদ্বোধন কৰি ক্ৰীড়া তথা যুৱ কল্যাণ, শক্তি আৰু পৰ্যটন মন্ত্ৰী বিমল বড়াই ভাষণত ভূপেনদাৰ গীতৰ কথাৰে কয় যে এই পৃথিবী এক ক্ৰীড়াঙ্গন, ক্ৰীড়া হ’ল শান্তিৰ প্ৰাঙ্গন। ক্ৰীড়াই মানুহৰ মন মগজু, শৰীৰৰ লগতে বৌদ্ধিক বিকাশত সহায় কৰে। শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ সাধনৰ বাবে এনে অনুষ্ঠানৰ আয়োজন কৰাত আয়োজক জ্ঞানদায়িনী সভাক ধন্যবাদ জনাই কয় যে অসমত আগয়ে কোনো ক্ৰীড়া নীতি নাছিল।কিন্ত এতিয়াৰে পৰা ক্ৰীড়া নীতিৰ আধাৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদক লাভ কৰা কৃতী খেলুৱৈ লাভলীনা বৰগোহাঁই,হিমা দাস আৰু যমুনা বড়োক,ৰাজ্য চৰকাৰৰ প্ৰথম আৰু দ্বিতীয় বিভাগৰ চাকৰিত মকৰল কৰা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত পদক লাভ কৰা সকলক ক্ৰীড়া পেঞ্চনৰ ব্যৱস্থা কৰা বুলিও উল্লেখ কৰে।ৰাজ্যৰ ১০ খন জিলা সদৰত ৫০ কোটি ব্যয় সাপেক্ষে ক্ৰীড়া প্ৰকল্প নিৰ্মানৰ সিধান্ত আৰু বিগত বৰ্ষত ৫২ টা ক্ৰীড়া প্ৰকল্পৰ নিৰ্মানৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰি ডিব্ৰুগড়, শুৱালকুছি, আমিনগাঁৱত চুপাৰ স্পৰ্টচ কমপ্লেস্ক নিৰ্মান কৰি থকাৰ বিষয়েও সদৰী কৰে। লগতে চন্দ্ৰপুৰত সৰুহজাইৰ দৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টেডিয়াম নিৰ্মান কৰাৰ কথা ব্যক্ত কৰি অহা দুই-তিনি বছৰৰ ভিতৰতে ৰাইজক অৰ্পণ কৰিব পৰা হব বুলি ভাষণত উল্লেখ কৰে। প্ৰতিযোগিতা উদ্বোধনখনি উদ্বোধন কৰি চৰকাৰে ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰত শেহতীয়াকৈ যথেষ্ট গুৰুত্ব দিয়া লগতে কঠোৰ অনুশীলন আৰু একাগ্ৰতা জৰিয়তে সু-খেলুৱৈ হিচাপে নিজকে গঢ়ি তুলিবলৈ সক্ষম হ’ব মন্ত্ৰী বিমল বৰাই সকলো খেলুৱৈক অভিনন্দন জনায়।

ডিব্ৰুগড় জ্ঞানদায়িনী মন্দিৰ প্ৰাংগনত দুদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা অনুষ্ঠিত হোৱা উজনি অসম প্ৰাইজমানি টেবুল টেনিচ টুৰ্নামেন্ট প্ৰতিযোগিতাখনি। জীতেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ জন্ম শতবৰ্ষৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা লৰা আৰু ছোৱালীৰ ১৩ বছৰ অনুৰ্ধ,১৭ বছৰ অনুৰ্ধ আৰু চিনিয়ৰ পুৰুষ মহিলাৰ মুঠ চাৰিটা শাখাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা খনত অংশগ্ৰহণ কৰিছে উজনি অসমৰ গোলাঘাট, যোৰহাট, শিৱসাগৰ,তিনিচুকীয়া,ধেমাজি আৰু লক্ষীমপুৰ কেইবাখনো জিলাৰ প্ৰায় দুই শতাধিক প্ৰতিযোগীয়ে।কাৰ্যসূচীত স্থানীয় বিধায়ক প্ৰশান্ত ফুকন, পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, পৌৰপতি ডাঃ সৈকত পাত্ৰ, উপ পৌৰপতি উজ্জ্বল ফুকন, অসম টেবুল টেনিছ সন্থাৰ কোষাধ্যক্ষ নয়নজ্যোতি শৰ্মা, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী দীপুৰঞ্জন মাৰ্কাৰী,ভাৰতীয় ডাক-তাঁৰ বিভাগৰ অধীক্ষক দেৱী প্ৰসাদ নায়ক আৰু দাতা পৰিয়ালৰ হৈ পুত্ৰ ৰমেন্দ্ৰনাথ চক্ৰৱৰ্তী, নয়নজ্যোতি শৰ্মা, অসম টেবুল টেনিছ সন্হাৰ কোক্ষাধ্যক্ষ দেৱী প্ৰসাদ নায়ক উপস্থিত থাকে।জ্ঞানদায়িনী সভাৰ সাধাৰণ সম্পাদক অনুজ কুমাৰ বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত কেইবাটাও সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

প্ৰেৰকঃ ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা

You might also like