নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বান্দৰদেৱাত ড্ৰাগছ সহ সাত পুৰুষ-মহিলাক আটক

নিয়মীয়া বাৰ্তা, ১৪ মেঃ অসম-অৰুণাচল সীমান্তৱৰ্তী বান্দৰদেৱাত ড্ৰাগছৰ বেহা অব্যাহত আছে৷ মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে বিহপুৰীয়া আৰু বান্দৰদেৱা আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷ বান্দৰদেৱা আৰু হাৰমতীত গা কৰি উঠিছে ড্ৰাছৰ ৰমৰমীয়া বেহা ৷ শুকুৰবাৰে নিশা প্ৰায় ২-৩০ বজাত টৰাজুলিত গুৱাহাটীৰ পৰা মাজুলি অভিমুখে আহি থকা নেটৱৰ্ক – এ এচ জিৰ ৱান এম চি ৭৬৩৩ নম্বৰৰ গাড়ীখনত বান্দৰদেৱাৰ হেমা নেৱাৰ(২৩) আৰু জিৱাউল আলি (২৪) নামৰ লোক দুগৰাকীয়ে নগাৱৰ পৰা বান্দৰদেৱা দুইনং পাৰ্ৱতীপুৰত বিক্ৰী কৰিবলৈ অনাৰ পথত বিহপুৰীয়া থানাৰ অচি উৎপল বৰা আৰু বান্দৰদেৱা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নৃপেন গগৈ নেতৃত্বত  বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ কৰে ৷

আৰক্ষীৰ অভিযানকালত দুগৰাকী  মহিলা সহ মুঠ সাত জন লোকক গ্ৰেপ্তাৰ কৰে ৷ শেহতীয়াকৈ আৰক্ষীৰ জালত পৰা  লোক কেইজন ক্ৰমে   ইবুল আলি (৩২)লালুক পদ্মপুৰ , ৰিতুল ভূঞা (২৪)দুই নং পাৰ্ৱতীপুৰ ,ৰাহুল নেৱাৰ (২৬)দ’লহাট ,বাবু খান (৩৩)দুনং পাৰ্ৱতীপুৰ আৰু মায়া শৰ্মা (২৯)দুনং পাৰ্ৱতীপুৰৰ নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰে ৷বৰ্তমান আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ৷  তেওঁলোকৰ পৰা  এই অভিযানত ৭ টা চাবোনৰ বাকচত মুঠ ৮০.৮৪ গ্ৰাম সন্দেহজনক ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

You might also like