নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰি কৰিমগঞ্জ জিলা কাৰাগাৰৰ পৰা পলাল দুটাকৈ অপৰাধী । বাংলাদেশৰ মৌলভিবজাৰৰ কয়দী ছামছুল ইছলাম আৰু নিচাজাতীয় সামগ্ৰী, হত্যাৰ গোচৰত অভিযুক্ত বদৰপুৰৰ নাছিল আহমেদ নামৰ দুয়োটা অপৰাধী পলাই যাবলৈ সক্ষম হয় জিলা কাৰাগাৰৰ পৰা । পুৰণি টিনৰ ছাল ফুটা কৰি দুয়োটা কয়দীয়ে পলায়ন কৰাৰ সন্দেহ কাৰাগাৰ কৰ্তৃপক্ষৰ ।
উল্লেখ্য যে, এইদৰে জিলা কাৰাগাৰৰ পৰা দুটাকৈ অপৰাধীয়ে পলায়ন কৰাৰ বিষয়টোৱে এতিয়া চৰ্চা লাভ কৰিছে কৰিমগঞ্জত । কিদৰে এখন জিলা কাৰাগাৰৰ পৰা অপৰাধী পলাই যাব পাৰে অথবা নিৰাপত্তা ব্যৱস্থাৰ ক্ষেত্ৰত কাৰাগাৰ কৰ্তৃপক্ষ কিমান দায়বদ্ধ সেই লৈও এতিয়া সন্দেহ ব্যক্ত কৰিছে সচেতন মহলে ।