নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে অসম চৰকাৰে সম্ভৱপৰ সকলো ব্য়ৱস্থা গ্ৰহণ কৰিছে । এই ভাইৰাছৰ সংক্ৰমণ যাতে অসমত বিয়পিব নোৱাৰে, তাৰ বাবে চৰকাৰে যুদ্ধকালীন তৎপৰতা অব্যাহত ৰাখিছে । মঙলবাৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ আহি ক’ৰোনা সন্দৰ্ভত লোৱা ব্যৱস্থাৱলীৰ বুজ লয় স্বাস্থ্যবিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাই । পাচত তেওঁ সাংবাদিকৰ আগত কয় – ক’ৰোনাৰে মোকাবিলা কৰিবলৈ অসম চৰকাৰ সাজু আছে । এন-৯৫ মাস্ককে ধৰি ক’ৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে সকলো চিকিৎসাৰ সামগ্ৰী মজুত আছে । নগাঁও প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ লগত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত ক’ৰোনা ভাইৰাছ সন্দৰ্ভত জিলাখনত হোৱা পৰিস্থিতিৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে পৰ্যালোচনা কৰে ।
এই পৰ্যালোচনাৰ কথা সদৰী কৰি মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় – নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ২০ খন বিছনাযুক্ত আই চি ইউ ১০ দিনৰ ভিতৰত সম্পূৰ্ণ হ’ব । ইতিমধ্যে ইয়াৰ কাম আৰম্ভ হৈছে । অহা এসপ্তাহ বা দহদিনৰ ভিতৰত ই সম্পূৰ্ণ হৈ উঠিব । ৰাইজে ইয়াৰ সুবিধা লাভ কৰিব । তদুপৰি এই চিকিৎসালয়খনত ১৫০ খন বিছনাযুক্ত ক’ভিডৰ হাস্পতাল হিচাপে ৰূপান্তৰ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা হৈছে । এই চিকিৎসালয়খনত জৰুৰী আৰু অপিডি চিকিৎসা চলি আছে । প্ৰয়োজনত এই ব্যৱস্থা বেবেজীয়া আৰু উজৰাগাঁও আদৰ্শ চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হ’ব । চিকিৎসালয়খনৰ এটা এলেকা ৫৮ খন বিচনাযুক্ত আছুতীয়া কক্ষৰ ব্যৱস্থা কৰি ৰাখিছোঁ ।