নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘খেলো ইণ্ডিয়াঃ বর্ণিল উদ্বোধনী অনুষ্ঠানত উদ্ভাসিত হ’ব অসমৰ মনোমোহা সংস্কৃতি

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ আজিৰে পৰা গুৱাহাটীত আৰম্ভ হ’ব তৃতীয় সংস্কৰণৰ ‘খেলো ইণ্ডিয়া য়ুথ গেমছ’৷ দেশৰ সহস্রাধিক উদীয়মান খেলুৱৈৰ ক্রীড়া প্রতিভা উদ্ভাসিত হ’ব এই ‘খেলো ইণ্ডিয়া য়ুথ গেমছ’ত ।

আজি সন্ধিয়া সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া জাকজমকতাপূর্ণ উদ্বোধনী অনুষ্ঠানৰ বাবে সম্পূর্ণৰূপে সাজু হৈ উঠিছে অসম চৰকাৰ আৰু ভাৰতীয় ক্রীড়া প্রাধিকৰণ (ছাই)৷ অনুষ্ঠানটো আকর্ষণীয় আৰু স্মৰণীয় কৰি তুলিবলৈ সৰুসজাই ষ্টেডিয়ামত প্রায় ৪০০গৰাকী কলা–কুশলী আৰু কাৰিকৰী বিভাগৰ কর্মী যোৱা কিছুদিন ধৰি দিনে–নিশাই ব্যস্ত হৈ আছে৷ ৰং–বিৰঙী পোহৰ আৰু অত্যাধুনিক প্রযুক্তিৰ অভিনৱ সমাহাৰেৰে উদ্বোধনী অনুষ্ঠানক চিত্তাকর্ষক কৰি তুলিবলৈ তেওঁলোকে কালি সন্ধিয়া অন্তিম আখৰা চলায়৷

মন কৰিবলগীয়া যে তৃতীয় সংস্কৰণৰ ‘খেলো ইণ্ডিয়া য়ুথ গেমছ’ৰ উদ্বোধনী অনুষ্ঠানত পোহৰ আৰু প্রযুক্তিৰ অভিনৱ সমাহাৰ ঘটাৰ সমান্তৰালকৈ অসমৰ বাৰেৰহণীয়া সংস্কৃতি আৰু মনোমোহা প্রাকৃতিক সৌন্দর্যৰ ছবি উদ্ভাসিত হ’ব৷

ৰাজ্যৰ বিভিন্ন জাতি–জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য–গীতেও উদ্বোধনী অনুষ্ঠানক আকর্ষণীয় কৰি তুলিব৷ ইফালে খেলো ইণ্ডিয়াৰ জৰিয়তে দেশৰ যুৱ প্রজন্মৰ মাজত ক্রীড়াৰ পৰিৱেশ সৃষ্টিৰ সমান্তৰালকৈ কেন্দ্রীয় চৰকাৰে প্রতিযোগিতাখনৰ মাধ্যমেৰে পৰিৱেশ সংৰক্ষণৰো বিশেষ ব্যৱস্থা গ্রহণ কৰিছে৷ এই অনুসৰি খেলো ইণ্ডিয়াৰ মেচ অনুষ্ঠিত হ’বলগীয়া গুৱাহাটীৰ ৪টা স্থানত খেলুৱৈৰ অহা–যোৱাৰ বাবে বৈদ্যুতিক বাহনৰ ব্যৱহাৰ কৰা হ’ব৷ খেলো ইণ্ডিয়াত এইধৰণৰ প্রযুক্তি ব্যৱহাৰ কৰা গুৱাহাটী হ’ব প্রথমখন মহানগৰ৷

You might also like