নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেলো ইণ্ডিয়াত পদকৰ শীৰ্ষত কোনখন ৰাজ্য?

খেলো ইণ্ডিয়াত অসমৰ স্থান কিমান

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ যুৱ প্ৰজন্মক খেলৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে গুৱাহাটীত ১০জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়াত সৰ্বমুঠ ১৫১টা পদকৰে শীৰ্ষত আছে মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰই লাভ কৰিছে ৪২টা সোণ, ৪৩টা ৰূপ আৰু ৬৬টা ব্ৰঞ্জৰ পদক।

            দ্বিতীয় স্থানত আছে হাৰিয়ানা। হাৰিয়ানাই লাভ কৰিছে ৩৬টা সোণ, ৩৫টা ৰূপ আৰু ৪০টা ব্ৰঞ্জৰ পদকসহ সৰ্বমুঠ ১১১টা পদক। তৃতীয় স্থানত আছে ২২টা সোণ, ১৯টা ৰূপ আৰু ৩২টা ব্ৰঞ্জৰ পদকৰে দিল্লী।
খেলো ইণ্ডিয়াৰ পদকৰ তালিকাৰ দশম স্থানত আছে অসম। ৯টা সোণ, ১০টা ৰূপ আৰু ১৩টা ব্ৰঞ্জৰ পদকসহ মুঠ ৩২টা পদক লাভ কৰি অসমে।

You might also like