নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খোৱাপানী নহয়, বৰবিহ পান কৰিছে আপুনি !

কেন্দ্ৰৰ সমীক্ষাত প্ৰকাশ উদ্বেগজনক তথ্য । পৰীক্ষা কৰা ১০ টা স্থানৰ পানীয়ে খোৱাৰ বাবে অনুপযোগী ।

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰঃ খোৱাপানীৰ নামত বৰবিহ পান কৰিছে গুৱাহাটীবাসীয়ে । সম্ভৱতঃ মহানগৰৰ কোনো এখন ঠাই নাই, য’ত খোৱাৰ উপযুক্ত পানী আছে । অতি উদ্বেগজনক এই কথা শনিবাৰে প্ৰকাশ কৰিছে খাদ্য আৰু যোগান মন্ত্ৰী ৰামবিলাস পাছোৱানে । উল্লেখ্য যে, খোৱাপানীক লৈ দেশৰ ৰাজধানী দিল্লীকে ধৰি মুঠ ২০ খন ৰাজ্যৰ ৰাজধানীত চলোৱা টেপৰ পানীৰ মান সন্দৰ্ভত এক সমীক্ষাত গুৱাহাটীৰ পানী মুঠেই খোৱাৰ উপযোগী নহয় বুলি প্ৰকাশ পাইছে । লক্ষণীয়ভাৱে গুৱাহাটী মহানগৰীৰ মুঠ ১০ খন ঠাইৰ পৰা খোৱাপানীৰ নমুনা সংগ্ৰহ কৰা হৈছিল । এই দহখন ঠাইৰে পানী খোৱাৰ উপযুক্ত আৰু নিৰাপদ নহয় । “ব্যুৰ’ অৱ ইণ্ডিয়া ষ্টেণ্ডাৰ্ডে” (বি আই এছ)নিৰ্ধাৰণ কৰি দিয়া মান গুৱাহাটীৰ খোৱাপানীত নথকাৰ কথা পাছোৱানে শনিবাৰে এক সংবাদমেল যোগে ব্যক্ত কৰে । সংগ্ৰহ কৰা পানীৰ নমুনাৰ ‘ফিজিকেল’ , ‘কেমিকেল’ , পৰীক্ষাৰ উপৰি অৰ্গেন’লেপ্টিক আৰু টক্সিকজাতীয় বস্তু আছে নে নাই সেয়াও পৰীক্ষা কৰি চোৱা হৈছে । কেৱল গুৱাহাটী বুলি নহয়, দেশৰ ৰাজধানী দিল্লীৰ পানীও খোৱাৰ উপযোগী নহয় । দিল্লী মহানগৰৰ ১১ খন ঠাইৰ পৰা সংগ্ৰহ কৰা নমুনাত দেখা গৈছে দেশৰ ৰাজধানীতো কোনো এখন ঠাই নাই,য’ত খোৱাৰ উপযোগী পানী আছে । ইয়াৰ বিপৰীতে দেশৰ অৰ্থনৈতিক ৰাজধানী হিচাপে পৰিচিত মুম্বাইৰ পানী হৈছে সম্পূৰ্ণৰূপে খোৱাৰ উপযোগী । মায়ানগৰীৰ দহখন ঠাইৰ পৰা সংগ্ৰহ কৰা পানীৰ নমুনাত দেখা গৈছে সকলো ঠাইৰ পানীয়েই খোৱাৰ বাবে উপযোগী । হায়দৰাবাদ, ভুৱনেশ্বৰ আৰু ৰাঁচীৰ পানীও খোৱাৰ বাবে যথেষ্ট উপযোগী । এই তিনিখন চহৰৰ দহটাকৈ স্থানৰ পৰা সংগ্ৰহ কৰা পানীৰ নমুনাত দেখা গৈছে ৯ খন ঠাইৰ পানীয়েই খোৱাৰ বাবে সম্পূৰ্ণ উপযোগী ।

You might also like