নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰী ∶ বজালী জিলাৰ উত্তৰ-পূব প্ৰান্তৰ ভোজকুচিয়াপাৰা গাঁৱৰ বোৱাৰী আদৰ্শৱান দুগ্ধপালিকা এগৰাকীয়ে এইবাৰ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া গণৰাজ্য দিৱসৰ পেৰেডত সফল দুগ্ধ পালক হিচাপে অংশগ্ৰহণ কৰিবলৈ ওলাইছে। এয়া ৰাজ্যখনৰ লগতে বজালী জিলাবাসীৰ বাবে এক আনন্দ আৰু গৌৰৱৰ বিষয়। এনে এক সন্মানীয় পেৰেডত অংশগ্ৰহণ কৰিবলৈ দুগ্ধ পালনৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে বজালীৰ বোৱাৰীগৰাকীয়ে স্বামী প্ৰণৱ বৰ্মনৰ সৈতে অসমৰ বিভিন্ন জিলাৰ পৰা যাবলৈ ওলোৱা ৩৬জনীয়া দলটিৰ সদস্য ভিতৰত স্থান লাভ কৰিছে৷ পাটাছাৰকুছিৰ পৰা প্ৰায় ১২ কিলোমিটাৰ পূবে থকা এই গাঁওখনৰ এই গৰাকী মহিলা জুনা তামুলী বৰ্মনে এই গাঁওখনত দুগ্ধ পালনেৰে পুৰুষৰ সমানে কঠোৰ পৰিশ্ৰম কৰি প্ৰমাণ কৰি দেখুৱাই দিছে যে কঠোৰ পৰিশ্ৰমৰ ফলত সদায় ফল পোৱা যায়৷ এই যাত্ৰা আৰম্ভ কৰিছিল ২০০৪ চনত৷ এতিয়া তেওঁলোকৰ ২০০৪ চনৰ জুপুৰিটোৰ ঠাইত এতিয়া আৰ চি চিৰ বিল্ডিং নিৰ্মাণ কৰিছে। তদুৰি চাৰিচকীয়া বাহনৰ গৰাকী। এতিয়া চুবুৰীয়া পৰিয়ালৰ অন্য লোকেও জুনা তামুলীৰ পথ অনুসৰণ কৰি নিজৰ অৰ্থনৈতিক অৱস্থা সুদৃঢ় কৰি ভাল উপাৰ্জনেৰে আনন্দময় জীৱন যাপন কৰিবলৈ লৈছে৷ কেবল মেট্ৰিকৰ ডেওনা পাৰ হোৱা মহিলাগৰাকীয়ে এতিয়া এক দক্ষ গোপালক৷ প্ৰতিদিনে প্ৰায় ২১০ লিটাৰ গাখীৰ উৎপাদন কৰে৷ এয়া এক প্ৰশংসাৰ বিষয়। মহিলাগৰাকীয়ে অকলে গৰুবোৰৰ গাখীৰ খীৰায়, দানা খুৱায় আৰু সুন্দৰভাবে পৰিস্কাৰকৈ বৰ্ণসংকৰ জাৰ্চি, গীৰ আদি বিভিন্ন প্ৰজাতিৰ গৰুবোৰ প্ৰতিপালন কৰে৷ স্বামী প্ৰণৱ কুমাৰ বৰ্মন শিক্ষাত স্নাতক৷ তেওঁ সহায় কৰে বিভিন্ন ক্ষেত্ৰত৷ স্থানীয় লোকক গাখীৰ বিক্ৰী কৰাৰ উপৰি নিয়মীয়াকৈ ঘৰৰ পৰা প্ৰায় ৭ কিলোমিটাৰ দূৰত্বত নিত্যানন্দত অৱস্থিত হিমালয় দুগ্ধ উৎপদক সমবায় সমিতিত দিনটোত দুবাৰকৈ গাখীৰ যোগান ধৰে৷ তেওঁলোকে সফলতাৰে যি আগলৈ খোজ পেলাইছিল আৰু আগবাঢ়িছিল পিচলৈ উভতি চাবলগীয়া হোৱা নাই ৷ সময়ৰ লগে লগে আনকি এটা ডাঙৰ পুখুৰীত মীনপালনও আৰম্ভ কৰি যথেষ্টখিনি লাভবান হোৱা বুলি জানিবলৈ দিছে৷। আচৰিত কথাটো হ’ল যে তেওঁলোকৰ পুত্ৰ আৰু পিতৃয়ে তেওঁলোকক কিছু পৰিমাণে সহায় কৰাৰ বাহিৰে কোনো লোক অতিৰিক্ত শ্ৰম কামত নিয়োজিত কৰা নাই৷ সকলোখিনি নিজেই চম্ভালে৷ আদৰ্শৱান জুনাই অকলে গৰুপালনৰ সকলো আদৱ কায়দা আয়ত্ত কৰি লৈছে৷
প্ৰেৰক উৎপল মেধি