নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰঙিত শিক্ষয়িত্ৰীয়ে চাফা কৰাবলৈ ছাত্ৰক উঠালে ঘৰৰ চালত

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰী : মৰঙিৰ এখন বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ টোঘলকী আদেশে চকু কপালত তুলিছে অভিভাৱকৰ৷ মৰঙিৰ এছীয় ঘাইপথৰ কাষতে অৱস্থিত আৰু ১৯৪৯ চনতে স্থাপিত পাতকটীয়া প্ৰাথমিক বিদ্যালয়, ফুলনিবাৰীত আগন্তুক গুণোৎসৱ উপলক্ষে চলি থকা চাফাইকৰ্মৰ সময়তে প্ৰধান শিক্ষয়িত্ৰী উৎপলা দত্তই বিদ্যালয়গৃহৰ চাল চাফা কৰিবলৈ স্কুলৰ কিশোৰ ছাত্ৰক চালৰ ওপৰত উঠিবলৈ নিৰ্দেশ দিয়ে৷ বিদ্যালয়ৰ কিশোৰ ছাত্ৰ দুজনে বিপজ্জনকভাৱে স্কুলৰ চাললৈ উঠি গৈ উৎসাহেৰেই চালখনত ঝড়ু মাৰিবলৈ ধৰে৷ ইফালে কিশোৰ ছাত্ৰক সেইদৰে বিপজ্জনক কাৰ্য কৰিবলৈ বাধ্য কৰোৱাৰ বাবে পাতকটীয়াৰ সচেতন অভিভাৱকসকল ক্ষোভিত হৈ পৰিছে৷ অভিভাৱকসকলে কয় যে চৰকাৰী বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীৰ কোনো গুৰুত্ব নাই শিক্ষা প্ৰতিষ্ঠানটোৰ প্ৰতি৷ শিক্ষক-কৰ্মচাৰীৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি অৱহেলাৰ বাবেই গাঁৱৰ প্ৰায়সকল অভিভাৱকেই ওচৰৰে বিদ্যালয়খনৰ সলনি দূৰৈৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়তহে নিজ সন্তানক পঢ়াবলৈ আগ্ৰহী হৈ উঠে৷ সকলো সময়তে বিদ্যালয়ৰ চৌপাশ হাবি-বনে আবৰি ৰাখে৷ বিদ্যালয়ৰ বাৰাণ্ডা উদঙীয়া গৰু-ছাগলিৰ আশ্ৰয়স্থললৈ পৰিণত হয়৷ বিদ্যালয়খনৰ চাফচিকুণৰ প্ৰতি প্ৰধান শিক্ষয়িত্ৰী উৎপলা দত্তৰ কোনো গুৰুত্বই নাছিল কোনোকালে৷ কেৱল গুণোৎসৱৰ বাবেহে স্কুলখন সজাই তুলিবলৈ চেষ্টা কৰা হৈছে৷ স্কুলৰ আন্তঃগাঁথনি, পৰিচালনাৰ বাবে প্ৰতি বছৰেই চৰকাৰী অনুদান আহে যদিও সেই ধন কিহত খৰচ কৰা হয়, তাৰ হিচাপ কোনোৱে নাজানে৷ আনকি ঘাইপথৰ কাষতে অৱস্থিত যদিও বাতৰি কাকত এখনো লোৱা নহয় ছাত্ৰছাত্ৰীসকলৰ বাবে৷ শিক্ষক-কৰ্মচাৰীসকলৰ গাফিলতিৰ বাবেই চৰকাৰী বিদ্যালয়খনৰ প্ৰতি মোহভংগ হৈছে গাঁওবাসীৰ৷ তেওঁলোকে কয় যে চৰকাৰী খণ্ডত চাকৰি কৰা লোকসকলৰ বাবে এয়া কোনো সমস্যাই নহয় কাৰণ মোটা অংকৰ দৰমহা পোৱা কোনো চৰকাৰী চাকৰিয়ালে নিজৰ সন্তানক চৰকাৰী বিদ্যালয়ত পঢ়োৱা দেখা নাযায়৷ চৰকাৰী চাকৰিয়ালক চৰকাৰী বিদ্যালয়ত পঢ়োৱাটো বাধ্যতামূলক কৰিলেই চৰকাৰী খণ্ডৰ বিদ্যালয়লৈ ইতিবাচক পৰিবৰ্তন আহিব বুলি মত প্ৰকাশ কৰে সচেতন অভিভাৱকসকলে৷

প্ৰেৰক অৰ্ণৱ শইকীয়া

You might also like