নিয়মীয়া বার্তা, ২ মার্চঃ গহপুৰ আৰক্ষী থানাৰ অন্তর্গত ৰজাবাৰী ১নং চকলাত এগৰাকী ১২ বছৰীয়া কিশোৰীক একে গাঁৱৰে ৭টা নৰপিশাচে ধর্ষণ কৰি হত্যা কৰা ঘটনাৰ পাছত বিগত দুটা দিন ধৰি সমগ্র গহপুৰতে উত্তেজনাই বিৰাজ কৰি আছে ৷ শনিবাৰে উক্ত ঘটনাৰ লগত জড়িত থকা ভাস্কৰ মেধি আৰু উমেশ পাতিৰিক গ্রেপ্তাৰ কৰাৰ পাছত গহপুৰ আৰক্ষীয়ে তৎপৰতাৰে আন পাঁচটা নৰাধমক গাঁৱতে লুকাই থকা অৱস্থাত কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ দেওবাৰে ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আৰু পৰিয়ালৰ এজাহাৰৰ ভিত্তিত অংকুশ পেগু, মিলনজ্যোতি দলে, বিকাশ পেগু, অজিত পেগু আৰু লোহিত দলেক আৰক্ষীয়ে কৰায়ত্ত কৰে ৷ ইপিনে এই জঘন্য কাণ্ড সংঘটিত কৰা নৰপিশাচকেইটাক ফাঁচিৰ দাবী তোলে ৰাইজে ৷ আনহাতে, দুর্ভগীয়া কিশোৰীগৰাকীৰ পিতৃৰ লগতে স্থানীয় ৰাইজে গহপুৰ থানাৰ চৌহদত ধূপ জ্বলাই প্রার্থনা কৰে যাতে আৰক্ষীয়ে উচিত পদক্ষেপ ল’বলৈ সক্ষম হয় ৷ উত্তেজিত ৰাইজে দোষীক উচিত শাস্তিৰ দাবীৰে থানাৰ চৌহদ উত্তপ্ত কৰি তোলে ৷ আনহাতে, শনিবাৰে ৰাইজৰ প্রহাৰত গুৰুতৰভাৱে আহত হোৱা উমেশ পাতিৰিক বিশ্বনাথ চাৰিআলি চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে ৷