নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত ক’ৰোনা সংক্রমণৰ হাৰ ৩০ৰ পৰা ১৬ শতাংশলৈ হ্রাস

নিয়মীয়া বাৰ্তা, ৮ জুলাই: গুৱাহাটী মহানগৰীত ভয়াৱহ ৰূপ লোৱা ক’ৰোনা সংক্রমণ প্রতিৰোধৰ বাবে যুদ্ধকালীন তৎপৰতা চলোৱা স্বাস্থ্য বিভাগে কালি পৌৰ নিগমৰ ২নং ৱার্ডত আৰম্ভ কৰে এণ্টিজেন টেষ্ট৷ মহানগৰীত ক’ৰোনা সংক্রমণৰ অন্যতম হটস্পট ৰূপে চিহ্ণিত হৈ অহাত ২নং ৱার্ড তথা পাণ্ডু এলেকাত কালিৰে পৰা ঘৰে ঘৰে প্রতিজন লোকৰ ক’ভিড টেষ্টৰ বাবে স্বাস্থ্য বিভাগৰ দল উপস্থিত হয়৷

উল্লেখ্য যে ক’ৰোনা সংক্রমণৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে গ্রহণ কৰা এই পদক্ষেপ অনুসৰি অহা দুদিনত ৩,০০০ লোকক পৰীক্ষাত কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে৷ ২নং ৱার্ডৰ লোক কলনী, লোকনাথ মন্দিৰ, আনন্দ নগৰ, হাৰোণপট্টি, আদাবাৰী, ষ্ট’ৰগেট আদি এলেকাত স্বাস্থ্য বিভাগে আজি স্থানীয় বাসিন্দাসকলৰ ছোৱাব সংগ্রহ কৰে৷ স্বাস্থ্য বিভাগৰ এই পদক্ষেপ তদাৰক কৰিবলৈ আজি ৱার্ডটোত উপস্থিত থাকে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ মন্ত্রীগৰাকীয়ে এই সন্দর্ভত জানিবলৈ দিয়া মতে, মহানগৰীৰ সংক্রমণ সর্বাধিক হাৰত এই অঞ্চলৰ পৰা হোৱা বাবে প্রতিটো ঘৰৰ ছোৱাব সংগ্রহৰ সুবিধা হৈছে৷ ২নং ৱার্ডৰ পাছতেই ১৫ আৰু ১৬নং ৱার্ডত আৰু ফাঁচীবজাৰত এই এণ্টিজেন টেষ্টৰ ব্যৱস্থা কৰা হ’ব৷

মঙলবাৰে পাণ্ডুত আৰম্ভ হোৱা ৰেপিড টেষ্টৰ জৰিয়তে আন এক তথ্য পোহৰলৈ আহিছে৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই জানিবলৈ দিয়া মতে, মহানগৰীত সামাজিক সংক্রমণ কিছু হ্রাস পাইছে৷ তেওঁ কয়– লকডাউনৰ পাছতেই গুৱাহাটীৰ বিভিন্ন কেন্দ্রৰ জৰিয়তে ক’ভিড টেষ্ট কৰাৰ সময়ত প্রতি ১০০জনৰ ভিতৰতে ৩০জন লোক পজিটিভ চিনাক্ত হৈছে৷

শেহতীয়াকৈ এই হাৰ ১৬ শতাংশলৈ হ্রাস পাইছে৷ অর্থাৎ ১০০জনৰ বিপৰীতে এতিয়া ১৬জনহে পজিটিভ হিচাপে চিনাক্ত হৈছে৷ ভয়ংকৰ পৰিস্থিতিৰ মাজত এয়া আশাৰ ৰেঙনি৷ পাণ্ডুত আজি চলা গণ পৰীক্ষণ কার্যসূচীত স্বাস্থ্যমন্ত্রী ড০ শর্মা উপস্থিত থাকি সকলো দিশ পৰীক্ষা কৰাৰ লগতে স্বাস্থ্য বিভাগৰ দলৰ সৈতে ঘৰে ঘৰে গৈ বাসিন্দাসকলক ছোৱাব টেষ্ট দিয়াৰ বাবে আহ্বান জনায়৷ মন্ত্রীগৰাকীৰ এই পদক্ষেপৰ প্রতি সঁহাৰি জনাই এলেকাটোত বহু লোকে ছোৱাব টেষ্ট দিবলৈ আগবাঢ়ি আহে৷ মন কৰিবলগীয়া দিশটো হ’ল যে মহানগৰীৰ পাণ্ডুত কালি ৰেপিড টেষ্টৰ জৰিয়তে ক’ৰোনা পজিটিভ চিনাক্ত কৰি থকাৰ সময়তে অঞ্চলটোৰ একাংশ দোকানত দেখা গ’ল সাধাৰণ লোকৰ ব্যাপক ভিৰ৷

ভয়াৱহ সামাজিক সংক্রমণে সমগ্র ৱার্ডটোক জটিল দিশলৈ ঠেলি দিয়াৰ পাছতো অঞ্চলটোৰ একাংশ লোকে সকলো ধৰণৰ নীতি–নিয়ম উলংঘা কৰি খাদ্য–সামগ্রী ক্রয়ৰ নামত দোকানে–পোহাৰে ভিৰ কৰা পৰিলক্ষিত হ’ল৷ পাণ্ডু এলেকাৰ পাছতেই অহা দুদিনৰ ভিতৰতে স্বাস্থ্য বিভাগে সংক্রমণ বৃদ্ধি কৰা ফাঁচীবজাৰ এলেকা, ১৫ আৰু ১৬নং ৱার্ডতো ঘৰে ঘৰে ছোৱাব সংগ্রহৰ অভিযানত নামি পৰিব৷

You might also like