নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ হিংসাত্মক কাণ্ডঃ অধ্যাপক অৰূপজ্যোতি শইকীয়াক নিয়াৰ চমন

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ আইআইটি গুৱাহাটীৰ অধ্যাপক অৰূপজ্যোতি শইকীয়াক শনিবাৰে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই জাৰি কৰে চমন । ‘কা’বিৰোধী আন্দোলনৰ সময়ত হিংসাত্মক কাৰ্যৰ অভিযোগত ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে নিয়াই ।

আইআইটি গুৱাহাটীৰ ইতিহাস বিভাগৰ অধ্যাপক অৰূপজ্যোতি শইকীয়াই ‘কা’ আন্দোলনৰ সময়ত জনতা ভৱন জ্বলাবলৈ ফোনযোগে নিৰ্দেশ দিয়াৰ অভিযোগত বৰ্তমান নিয়াই অব্যাহত ৰাখিছে জেৰা ।

উল্লেখ্য যে, মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১৭ ডিচেম্বৰ তাৰিখে সম্বোধন কৰা সংবাদমেলত কা আন্দোলনৰ হিংসাত্মক প্ৰতিবাদ সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰৰ এক সংস্থাৰ অধীনস্থ এজন ব্যক্তি জড়িত বুলি উল্লেখ কৰিছিল । কোনো ব্যক্তিৰ নাম উল্লেখ নকৰাকৈ শিক্ষাৰ ক্ষেত্ৰত জড়িত ব্যক্তিজনে বিশেষকৈ দিছপুৰৰ প্ৰতিবাদৰ আঁৰত হিংসা বিয়পোৱাৰ প্ৰমাণ পোৱা বুলি সংবাদমেলত স্পষ্ট কৰিছিল ।

You might also like