গোৱালপাৰাত ভয়ংকৰ বাছ দুৰ্ঘটনা; নিহত ৬ জনৰো অধিক
নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ মঙলবাৰে পুৱতি নিশা গোৱালপাৰাৰ ধূপধৰাৰ কোঠাকুঠিত সংঘটিত হয় এক ভয়ংকৰ বাছ দুৰ্ঘটনা । এই দুৰ্ঘটনাত ছজনৰো অধিক যাত্ৰী থিতাতে নিহত হোৱাৰ লগতে কোবাগৰাকী যাত্ৰী আহত হয় । বাছখনৰ অৱস্থালৈ চাই হতাহতৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে ।
এই পৰ্যন্ত স্থানীয় লোকে দুৰ্ঘটনাত আহত লোকসকলক উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।

উল্লেখ্য যে ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখী AS01 BC2848 নম্বৰৰ বাছখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা বিদ্যুতৰ খুঁটাত খুন্দা মাৰি খাৱৈত বাগৰি পৰে । যাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় ।