নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রন্থৰ বিপণী খোলাৰ অনুমতি প্রদান

নিয়মীয়া বাৰ্তা, ২৩ এপ্রিলঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধ কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে ঘোষণা কৰা লকডাউনৰ মাজতে খুলিব পাৰিব গ্রন্থৰ বিপণীসমূহ ৷ এই সন্দর্ভত মঙলবাৰে কেন্দ্রীয় গৃহ মন্ত্রালয়ে যাৱতীয় নির্দেশনা প্রদান কৰিছে ৷ ইয়াৰ লগে লগে ৰাজ্যখনত গ্রন্থৰ বিপণী খোলাৰ প্রক্রিয়া আৰম্ভ হৈছে ৷ জিলা উপায়ুক্তসকলৰ অনুমতিসাপেক্ষে ৰাজ্যত এতিয়াৰে পৰা খুলিব পাৰিব গ্রন্থৰ বিপণীসমূহ ৷ ইতিমধ্যে আজিৰ পৰা কামৰূপ মহানগৰ জিলাৰ গ্রন্থৰ বিপণীসমূহ খুলিবলৈ অনুমতি প্রদান কৰা হৈছে ৷ প্রাপ্ত তথ্য অনুসৰি কামৰূপ মহানগৰৰ উপৰি গোলাঘাট, ধেমাজি, নগাঁও, যোৰহাটকে ধৰি কেইবাখনো জিলাত গ্রন্থৰ বিপণীসমূহ খুলিবলৈ অনুমতি প্রদান কৰিছে ৷ অৱশ্যে গ্রন্থৰ বিপণীসমূহ খুলিলেও কেতবোৰ বিশেষ নির্দেশনা পালন কৰিব লাগিব ৷

কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্তই জাৰি কৰা নির্দেশনা অনুসৰি পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ খুলিব পাৰিব এই বিপণীসমূহ ৷ তদুপৰি গ্রন্থৰ বিপণীসমূহে কেৱল শিক্ষার্থীৰ বাবে পাঠ্যপুথিহে বিক্রী কৰিব পাৰিব৷ প্রয়োজনসাপেক্ষে গ্রন্থৰ বিপণীসমূহে কিতাপৰ হোম ডেলিভাৰীৰ ব্যৱস্থা কৰিব পাৰিব ৷ আনহাতে গ্রন্থৰ বিপণীৰ সমীপৱর্তী অঞ্চলত বাস কৰা অভিভাৱকসকলে কোনো বাহন ব্যৱহাৰ নকৰাকৈ আহি গ্রন্থ ক্রয় কৰিব পাৰিব ৷ গ্রন্থৰ বিপণীসমূহৰ পৰা কিতাপ ক্রয় কৰাৰ বাবে জিলা প্রশাসনে কোনোধৰণৰ অনুমতি–পত্র প্রদান নকৰে বুলি নির্দেশনাটোত স্পষ্টভাৱে উল্লেখ কৰা হৈছে ৷ গ্রন্থৰ বিপণীসমূহৰ কর্মচাৰীক স্বত্বাধিকাৰীয়ে যাৱতীয় পৰিচয়–পত্র প্রদান কৰিব লাগিব ৷ এই পৰিচয়–পত্রৰে তেওঁলোকে গ্রন্থৰ বিপণীলৈ আহিব পাৰিব ৷ ইয়াৰ বাবে জিলা প্রশাসনৰ সুকীয়া অনুমতিৰ প্রয়োজন নহ’ব ৷

একে সময়তে গ্রন্থৰ বিপণীসমূহে মানি চলিব লাগিব সামাজিক ব্যৱধানৰ নিয়ম ৷ সমান্তৰালভাৱে কর্মচাৰীসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক৷ গ্রন্থৰ বিপণীসমূহে ৰাখিব লাগিব ছেনিটাইজাৰৰ সুবিধা ৷ জিলা প্রশাসনৰ এই নির্দেশনাৰ পাছতে প্রতিক্রিয়া প্রকাশ কৰি অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামীয়ে কয় যে আজি জিলা প্রশাসনৰ নির্দেশনা লাভ কৰাত পলম হোৱাৰ বাবে গ্রন্থৰ বিপণীসমূহ খোলাটো সম্ভৱপৰ নহ’ল৷ কিন্তু কাইলৈৰ পৰা গ্রন্থৰ বিপণীসমূহ খোলা হ’ব৷ চৰকাৰৰ সৈতে সহযোগিতা কৰি সকলো নীতি–নিয়ম মানি চলিব বুলি উল্লেখ কৰি গোস্বামীয়ে কয়, ‘হোম ডেলিভাৰী কৰাটো আমাৰ বাবে সকলো পর্যায়ত সম্ভৱপৰ নহ’ব৷ কিন্তু নির্দিষ্ট স্কুল নির্ধাৰণ কৰি দিলে আমি কিতাপসমূহ যোগান ধৰিব পাৰিম৷ আমাৰ সংস্থাৰ ফালৰ পৰা গ্রন্থৰ বিপণীসমূহ ছেনিটাইজ কৰিবলৈ আহ্বান জনাইছোঁ ৷’

You might also like