গড়মূৰত লকডাউন ভংগ কৰি গো–মাংস বিক্রী
নিয়মীয়া বাৰ্তা, ১৯ মে’: লালুক থানাৰ অন্তর্গত গড়মূৰ অঞ্চলত লকডাউন ভংগ কৰি এখন মটৰচাইকেল লৈ গো–মাংস বিক্রী কৰা ঘটনাই ৰাইজৰ মাজত প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷
ঘটনা সন্দর্ভত স্থানীয় ৰাইজ আৰু লালুক আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ১৭ মে’ত দিনৰ ভাগত ৰমজান আলী আৰু জহৰউদ্দিন নামৰ দুই যুৱকে মটৰচাইকেলেৰে মোনাত গো–মাংস লৈ লকডাউনৰ নীতি–নিয়ম ভংগ কৰি গো–মাংস বিক্রী কৰি আহিছে৷ ৰাইজে দুয়োজন যুৱকক কৰায়ত্ত কৰি লালুক আৰক্ষীক খবৰ দিয়ে৷ লালুক আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুয়োগৰাকী যুৱকক থানালৈ আনে৷ লালুক আৰক্ষীয়ে যুৱক দুগৰাকীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে৷
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ৰমজান আলী ২নং ইছলামপুৰ গাঁৱৰ ৰাজব আলীৰ পুত্র আৰু জহৰউদ্দিন ৩নং ইছলামপুৰ গাঁৱৰ ইনচান আলীৰ পুত্র৷