নিয়মীয়া বার্তা,২১ জানুৱাৰীঃ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ হকোডবা গাঁৱৰ গো–চৰণীয়া পথাৰৰ চৰকাৰী ভূমি অবৈধভাৱে বেদখল কৰা লোকক সোমবাৰে বঙাইগাঁও জিলা প্রশাসনে পুনৰ উচ্ছেদ কৰে ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশ মতে উত্তৰ শালমাৰা মহকুমাৰ কার্যবাহী দণ্ডাধীশ তথা বইটামাৰী ৰাজহ চক্রৰ চক্র বিষয়া পার্থপ্রতিম নেওগ আৰু বঙাইগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক অমৰ চৌধুৰীয়ে বিশাল আৰক্ষী আৰু অর্ধসামৰিক বাহিনী লৈ সোমবাৰে পুৱা হকোডবা গো–চৰণীয়া পথাৰৰ বেদখলকৃত এলেকাত উপস্থিত হয় ৷ স্বাধীনতাৰ পূর্বৰে পৰা গো–চৰণীয়া পথাৰৰ নামত সংৰক্ষিত হৈ থকা মুঠ ১০৮ বিঘা চৰকাৰী ভূমিত অবাধ বেদখলৰ পৰিপ্রেক্ষিতত প্রশাসনে বুল্ডোজাৰেৰ অর্ধশতাধিকপৰিয়াল উচ্ছেদ কৰে ৷
উল্লেখ্য যে ব্রহ্মপুত্রৰ খহনীয়াগ্রস্তত সর্বস্বান্ত হৈ বিগত প্রায় ২৩ বছৰে পূব মাজেৰ আলগা পঞ্চায়তৰ ভূটকুৰা গাঁৱৰ পৰা উঠি আহি গো–চৰণীয়া পথাৰৰ চৰকাৰী ভূমি বেদখল কৰি প্রায় ৪০ বিঘা ভূমিত বসতি কৰি আহিছিল ৷ গো–মাঠৰ নামত সংৰক্ষিত চৰকাৰী ভূমিত বছৰ বছৰ ধৰি বেদখল হৈ থকা সন্দর্ভত বিভিন্ন পক্ষই গুৱাহাটী উচ্চ ন্যায়ালয়ত ডব্লিউ পি (চি) ২৪০/২০১৮ নম্বৰত এখন লেখ আবেদন দাখিল কৰাৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশানুসৰি উক্ত এলেকাত মহকুমা প্রশাসনে ২০১৯ চনৰ ১৭ জুনত বিশাল আৰক্ষী–অর্ধসামৰিক বাহিনী লগত লৈ বুল্ডোজাৰেৰে উচ্ছেদ অভিযান চলাইছিল ৷ কিন্তু একাংশ লোকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশনাক অংগুষ্ঠ প্রদর্শন কৰি তথা প্রশাসনৰ উচ্ছেদ অভিযানক কেৰেপ নকৰি নিশাৰ ভিতৰতে পুনৰ বেদখল কৰে ৷ উক্ত ভূমিত অবৈধভাবে দখল কৰা লোকক পুনৰ সোমবাৰে প্রশাসনে পুৱা বিশাল আৰক্ষী–অর্ধসামৰিকবাহিনীৰ লগত লৈ বুল্ডোজাৰেৰে উচ্ছেদ কৰে৷ ইপিনে, ঘৰ সাজি বসবাস কৰি অহা পৰিয়ালকেইটাক সোমবাৰে প্রশাসনে উচ্ছেদ কৰাত তেওঁলোকৰ মাজত চৰম হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷