ছ’চিয়েল মিডিয়াত অপপ্ৰচাৰ কৰি গ্ৰেপ্তাৰ হোৱাসকলৰ ফটোসহ নাম প্ৰকাশ অসম আৰক্ষীৰ
নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিলঃ ছ’চিয়েল মিডিয়াত ক’ৰোনা ভাইৰাছক লৈ অপপ্ৰচাৰৰ লগতে সাম্প্ৰদায়িক মন্তব্য কৰা লোকৰ ওপৰত কঠোৰ হৈ পৰিছে অসম আৰক্ষী । শেহতীয়াকৈ যিসকল লোকক অপপ্ৰচাৰৰ লগতে সাম্প্ৰদায়িক মন্তব্য সন্দৰ্ভত আসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল, তেওঁলোকৰ নামসহ ফটো প্ৰকাশ কৰিছে অমস আৰক্ষীয়ে ।
উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা এনে ৩৫ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে । অৱশ্যে ইয়াৰে একাংশক আৰক্ষীয়ে জামিনত মুকলি কৰি দিছে ।
ইপিনে এনেধৰণৰ দুষ্কাৰ্য দৃষ্টিগোচৰ হ’লেই তাৎক্ষণিকভাৱে অসম আৰক্ষীৰ ফেচবুকযোগে, টুইটাৰযোগে নাইবা হোৱাটছ এপ হেল্পলাইন নম্বৰ ৯১৩২৬-৯৯৭৩৫ যোগে অৱগত কৰিব পাৰে।
#MustRead: ক’ভিড-১৯ সন্দৰ্ভত সামাজিক মাধ্যমত অসত্য তথ্য, উৰা-বাতৰি আৰু প্ৰৰোচনামূলক বক্তব্য বিয়পোৱাসকলৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে অসম আৰক্ষীয়ে এনে দুষ্কাৰ্যৰ সৈতে জড়িত ৩৫ জনক গ্ৰেপ্তাৰ কৰিছে। @CMOfficeAssam@hrishikeshgosw3@assampolice pic.twitter.com/p0jYzhl2ap
— DIPR Assam (@diprassam) April 9, 2020