নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছ’চিয়েল মিডিয়াত তীক্ষ্ণ নজৰঃ অনুসন্ধানত ডুবাইৰ পৰা নিয়ন্ত্ৰিত ৩ পোষ্ট

নিয়মীয়া বাৰ্তা , ২৩ ডিচেম্বৰঃ ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনক লৈ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে সোমবাৰে বিয়লি এক সংবাদমেল সম্বোধন কৰে ৰাজ্যৰ বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । এই সংবাদমেলত মন্ত্ৰীগৰাকীয়ে শেহতীয়া হিংসাত্মক প্ৰতিবাদ সন্দৰ্ভত দাঙি ধৰে বহু তথ্য । একাংশই অপপ্ৰচাৰৰ জৰিয়তে সাধাৰণ জনগণক বিপথে পৰিচালনা কৰাৰ লগতে এইসকল অপপ্ৰচাৰকাৰীয়ে ৰাজ্যৰ শান্তি-সম্প্ৰীতি বিঘ্নিত কৰিছে বুলিও উল্লেখ কৰে মন্ত্ৰী ড০ শৰ্মাই ।

গণতান্ত্ৰিক আন্দোলনক মোকাবিলা কৰাৰ কোনো ইচ্ছা নাছিল চৰকাৰৰ । কিন্তু একাংশই হিংসাত্মক কাৰ্যৰে অসম অশান্ত কৰাৰ পৰিকল্পনা লৈছিল , এই হিংসাত্মক কাৰ্যৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি আছে বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । ইতিমধ্যে চৰকাৰে একাংশ ফেচবুক একাউণ্ট নিৰীক্ষণ কৰি থকাৰ লগতে শেহতীয়া পৰিস্থিতিত ছ’চিয়েল মিডিয়াৰ জৰিয়তে অশান্তি বিয়পোৱা ২০৬ টা পোষ্ট লাভ কৰিছে । ছ’চিয়েল মিডিয়াক অশান্তি আৰু হিংসাৰ ৰূপত তুলি ধৰা ১০ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যদিও ৫ জনক ইতিমধ্যে জামিনত মুক্তি দিয়া হৈছে । বাকী ৫ জনৰ ওপৰত আইনী প্ৰক্ৰিয়া অব্যাহত আছে । ইফালে ২১ গৰাকী লোকক আৰক্ষীয়ে থানালৈ আনি পিতৃ-মাতৃ তথা আত্মীয়ৰ দ্বাৰা সৈমান কৰাই ভৱিষ্যতে ছ’চিয়েল মিডিয়াত এনে অশান্তি বিয়পোৱাৰ পৰা বিৰত থকাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছে । হিংসা তথা অশান্তি বিয়পিব পৰা ৫৮ টা ফেচবুক পোষ্ট সম্পূৰ্ণৰূপে আঁতৰাই দিয়া হৈছে , ইয়াৰে ২৫ টা পোষ্ট অসমৰ বাহিৰৰ পৰা দিয়াৰ লগতে ৩ টা পোষ্ট ডুবাইৰ পৰা দিয়া হৈছিল বুলি তথ্য দাঙি ধৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

গণতান্ত্ৰিক প্ৰতিবাদ আৰু ছ’চিয়েল মিডিয়াত চৰকাৰ তথা ‘কা’ক লৈ সমালোচনা কৰা সকলৰ ক্ষেত্ৰত কোনোধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ লগতে গণতান্ত্ৰিক প্ৰক্ৰিয়াক চৰকাৰে আদৰণি জনায় বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । মূলত হিংসা আৰু অশান্তি বিয়পোৱা তথা জাতীয় সম্পদ ধ্বংস কৰা সকলৰ ওপৰত আৰক্ষী আৰু চৰকাৰ কঠোৰ হ’ব বুলি কয় বিত্তমন্ত্ৰী গৰাকীয়ে । ইতিমধ্যে এই প্ৰতিবাদক হিংসাত্মক ৰূপ দিয়া ৩৯৩ জনক গ্ৰেপ্তাৰ কৰাৰ লগতে ৰুজু কৰা হৈছে ২৪৪ টা গোচৰ । ইয়াৰে এটা গোচৰ অসম আৰক্ষীয়ে নিয়ালৈ হস্তান্তৰ কৰা বুলি কয় ড০ শৰ্মাই ।

এই সংবাদমেলতে অপপ্ৰচাৰকাৰীসকলে কিদৰে অপপ্ৰচাৰ চলাইছে তাৰো ব্যাখ্যা দাঙি ধৰে ড০ হিমন্ত বিশ্ব শৰ্মাই । চাহ বাগিচা অঞ্চলত হিন্দু বাংলাদেশীক সংস্থাপিত কৰিব বুলি এক অপপ্ৰচাৰৰ জৰিয়তে বাগিচাৰ শ্ৰমিকসকলক ভীতিগ্ৰস্ত কৰাৰ বিষয়টো উল্লেখ কৰি বাগিচাত কেৱল শ্ৰমিকৰহে মাটিৰ অধিকাৰ থাকিব বুলি কয় মন্ত্ৰীগৰাকীয়ে । ইফালে,অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে প্ৰতিবাদৰ নামত জুই জ্বলোৱা ভিডিঅ’ নিজৰ ফেচবুক একাউণ্টত লাইভ কৰা আৰু এই ভিডিঅ’ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ কথা উল্লেখ কৰে ড০ শৰ্মাই ।

You might also like