নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাগত পদকজয়ী ৬ খেলুৱৈক মুখ্যমন্ত্রীৰ ক্রীড়া বঁটা

নিয়মীয়া বার্তা, ৩০ ডিচেম্বৰঃ  ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাত পদক জয়েৰে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনা ৬গৰাকী খেলুৱৈক দেওবাৰে ৰাজ্য চৰকাৰে ৰাজ্যিক ক্রীড়া বঁটা প্রদান কৰে৷ গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ২০১৯–২০ চনত কাঠমাণ্ডুতনুষ্ঠিত ছাউথ এছিয়ান গেমছত পদকজয়ী ভাৰোত্তোলক সিদ্ধান্ত গগৈ, বেডমিণ্টন খেলুৱৈ অস্মিতা চলিহা, ফেন্সাৰ থৌডাম কবিতা দেৱী, টাইকোৱানডো খেলুৱৈ হর্ষা সিনহা–ৰ’দালি বৰুৱা আৰু সন্তৰণবিদ শিৱাংগী শর্মাক ক্রীড়া বঁটা প্রদান কৰে৷

প্রতিগৰাকী খেলুৱৈক ৰাজ্য চৰকাৰে ১ লাখ ৫০ হাজাৰ টকাৰ চেক প্রদান কৰে৷ ইফালে, মুখ্যমন্ত্রীগৰাকীয়ে ২০১৬ চনত গুৱাহাটীত অনুষ্ঠিত দ্বাদশ ছাউথ এছিয়ান গেমছত পদকজয়ী খেলুৱৈসকলকো আর্থিক পুৰস্কাৰ আগবঢ়ায়৷ আনহাতে, বক্সাৰ শিৱ থাপা, কাবাডী খেলুৱৈ হাছিনা বেগম, আর্চাৰ মানসজ্যোতি চাংমাই, জয়ন্ত তালুকদাৰ, ফুটবলাৰ বিনীত ৰায়, হলিচৰণ নার্জাৰী, টাইকোৱানডো খেলুৱৈ সবিতা ৰামচিয়াৰী, ৰ’দালি বৰুৱা, হর্ষা সিন্হা, লনবল খেলুৱৈ মৃদুল বৰগোহাঁই, আনন্দ নার্জাৰী, বনগীতা হাজৰিকা, তানিয়া চৌধুৰী, নয়নমণি শইকীয়া, ভাৰোত্তোলক সুৰজিৎ চাংমাই, সিদ্ধান্ত গগৈ, পেৰা এথলিট অভিষেক গগৈ, পেৰা সন্তৰণবিদ অন্যতম ৰাজকুমাৰ, শ্বাটলাৰ অস্মিতা চলিহা, সন্তৰণবিদ শিৱাংগী শর্মা, ফেন্সাৰ কবিতা দেৱীক বিত্তীয় অনুদান প্রদান কৰে ৰাজ্য চৰকাৰে৷ ইফালে সদ্যসমাপ্ত ছাগত পদক জয়লাভৰ বাবে অসম অলিম্পিক সন্থাই সিদ্ধান্ত গগৈ, অস্মিতা চলিহা, কবিতা দেৱী, হর্ষা সিন্হা শিৱাংগী শর্মা আৰু ৰ’দালি বৰুৱাক ৫০ হাজাৰ টকাকৈ আগবঢ়ায়৷

আনহাতে এই অনুষ্ঠানতে গুৱাহাটীত হ’বলগীয়া খেল’ ইণ্ডিয়া য়ুথ গেমছ ২০২০ৰ শিখা ৰীলে মুকলি কৰে মুখ্যমন্ত্রী সোণোৱালে৷ অনুষ্ঠানত ৰাজ্যিক পর্যায়ৰ ছাত্র আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব লক্ষ্য কোঁৱৰ, কৃষিমন্ত্রী অতুল বৰা, বিশিষ্ট ক্রীড়া সাংবাদিক প্রেমধৰ শর্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

You might also like