নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱৰ কর্কট আক্রান্ত দুই কণমানি ভগ্নীৰ চিকিৎসাৰ দায়িত্ব ল’লে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ ছয়গাঁৱৰ কর্কট ৰোগত আক্রান্ত দুই কিশোৰী ভগ্নীৰ সম্পূর্ণ চিকিৎসাৰ দায়িত্ব গ্রহণ কৰিলে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

উল্লেখ্য যে কামৰূপ জিলাৰ ছয়গাঁৱৰ ভৱানীপুৰ গাঁৱৰ নাজিয়া বিবিৰ দুগৰাকী কন্যা শিশুৱেই ব্লাড কেঞ্চাৰত আক্রান্ত৷ জাহিদা বেগম আৰু জাহানাৰা বেগমৰ এতিয়া একমাত্র সংগী এখন বিছনা৷

বিগত ৬ বছৰৰ পৰা দুয়োগৰাকী কিশোৰী ভগ্নীয়ে মৃত্যুৰ সৈতে যুঁজ দি পাৰ কৰিছে দুর্বিষহ জীৱন৷ ৪ বছৰ পূর্বেই স্বামীৰ সৈতে বিচ্ছিন্ন হৈ কিশোৰী দুগৰাকীৰ সৈতে মাতৃ ৰীণা বিবিৰ এটি জৰাজীর্ণ গৃহতে এসাঁজ খাই এসাঁজ লঘোনে থাকি চিকিৎসা কৰিবলৈ এৰি দিয়াৰ দৰে হ’ল অসহায় মাতৃ নাজিয়া বিবিয়ে৷ কিশোৰী দুগৰাকীৰ চিকিৎসাৰ বাবে চিকিৎসালয়ৰ দুৱাৰে দুৱাৰে তাঁত–বাতি কাঢ়িও নাপালে কোনো ধৰণৰ সুফল৷ ছয়গাঁও আঞ্চলিক প্রাথমিক বিদ্যালয়ত অধ্যয়নৰত জাহিদা আৰু জাহানাৰাই পঢ়িবলৈ দুর্বাৰ হেঁপাহ আছে৷ কিন্তু বিদ্যালয়লৈ যাব নোৱাৰে এওঁলোকে৷

উল্লেখ্য যে পৰিয়ালটোৰ এই কৰুণ কাহিনী শনিবাৰে ‘নিউজ লাইভ’ত সম্প্রচাৰ হোৱাৰ পাছতেই তৎপৰতাৰে পদক্ষেপ লয় মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

বাতৰি প্রচাৰৰ ২৪ ঘণ্টাৰ ভিতৰত মন্ত্রীগৰাকীয়ে দেওবাৰে মিনিষ্টাৰ কলনীলৈ দুর্ভগীয়া নাজিয়া বিবিক মতাই নি দীর্ঘসময় কথা–বতৰা পতাৰ পাছত দুয়োগৰাকী কর্কট ৰোগী ভগ্নীৰ চিকিৎসাৰ দায়িত্ব গ্রহণ কৰে৷

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্রাৰম্ভিক চিকিৎসা আৰম্ভ কৰাৰ পাছত দুয়োগৰাকী কিশোৰীৰ বাংগালুৰুতো চিকিৎসা কৰোৱাৰ কথা ঘোষণা কৰে ড০ শর্মাই৷ আনকি দুয়োগৰাকী কিশোৰীৰ চিকিৎসাৰ বাবে প্রায় ২৫ লাখ টকা ব্যয় হ’ব বুলি উল্লেখ কৰি সমূদায় খৰচৰ দায়িত্ব মন্ত্রীগৰাকীয়ে মূৰ পাতি লয়৷

ইফালে মন্ত্রীগৰাকীৰ এনে মহানুভৱতাক কিশোৰী দুগৰাকীৰ মাতৃ নাজিয়া বিবিয়ে শলাগ লোৱাৰ লগতে ছয়গাঁৱৰ সচেতন মহলে মন্ত্রীগৰাকীক এই পদক্ষেপৰ বাবে ধন্যবাদ জনায়৷

You might also like