নিয়মীয়া বাৰ্তা, ৬ মার্চঃ অসম আৰু নাগালেণ্ড সীমা সমস্যাই সম্প্রতি অধিক জটিল ৰূপ ধাৰণ কৰিছে ৷ অসম চৰকাৰৰ চূড়ান্ত অকর্মণ্যতাৰ বাবেই আজি নাগালেণ্ডে অসমৰ মাটিত ধাৰাবাহিকভাৱে বেদখল চলাই আহিছে ৷ সমান্তৰালভাৱে অসম–নাগালেণ্ড সীমান্তৱর্তী অঞ্চলৰ জনসাধাৰণৰ ওপৰতো নগাই অত্যাচাৰ–উৎপীড়ন চলাই আহিছে ৷ কিন্তু পৰিতাপৰ কথা যে সীমান্তৱর্তী অসমীয়াৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ বাবে অসমৰ কোনো এখন চৰকাৰেই আজিপর্যন্ত ব্যৱস্থা গ্রহণ কৰিব নোৱাৰিলে ৷ কংগ্রেছ–বিজেপি–গপ্ কোনো দলেই জনসাধাৰণৰ নিৰাপত্তা প্রদান কৰিব নোৱাৰিলে৷ ইয়াৰ মাজতো দুই–এটা ইতিবাচক পদক্ষেপ গ্রহণ কৰা দেখা যায় যদিও সেইসমূহ সঠিকভাৱে কার্যকৰী হোৱাহে দেখা নাযায়৷ তৰুণ গগৈ নেতৃত্বাধীন তদানীন্তন কংগ্রেছ চৰকাৰৰ দিনতেই ৰিয়নি সমষ্টিৰ মগ্রৈ আৰু নাগিনীজানত দুটাকৈ বি’পি স্থাপনৰ ঘোষণা কৰিছিল যদিও বিজেপি চৰকাৰৰ দিনত অতি মন্থৰ গতিত বি’পি নির্মাণৰ কাম আগবাঢ়ে ৷ ইয়াৰে নাগিনীজানৰ বি’পিটোৰ নির্মাণকার্য সম্পূর্ণ হৈ উঠাৰ বিপৰীতে মগ্রৈ গাঁৱত বি’পিটোৰ আজিপর্যন্ত কামেই আৰম্ভ কৰিব নোৱাৰিলে ৷
অসমৰ প্রশাসনে নগাৰ ধমকিত একাধিকবাৰ এই বি’পিটোৰ কাম বন্ধ কৰি পিছ হুঁহকি আহিব লগা হ’ল৷ অসমৰ ৰাজহ ভূমিত এই বি’পি নির্মাণ কৰিবলৈ লোৱাৰ পিছতো একমাত্র নগাৰ ধমকিৰ বাবেই কাম বন্ধ কৰি দিবলগীয়া হোৱা ঘটনাই প্রমাণ কৰে সীমান্তৱর্তী অসমীয়া ৰাইজৰ প্রতি বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখন কিমান দায়বদ্ধ৷ ইফালে, মৰিয়নি সমষ্টিৰ সীমান্তৱর্তী ৰণখাম গাঁৱত থকা অসম আৰক্ষীৰ বেটেলিয়নৰ শিবিৰ এটা ধুমুহাত বিধ্বস্ত হোৱাৰ পিছতো গৃহ বিভাগে নির্মাণ নকৰিলে৷ পিছত গাঁৱৰ ৰাইজে মিলি শিবিৰটো পুনৰ নির্মাণ কৰি দিবলগীয়া অৱস্থা হৈছিল৷ আনহাতে, শেহতীয়াকৈ মৰিয়নি নিউ সোণোৱাল বি’পিৰ পিছফালেই অৱস্থিত দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলখনো নগাই নিজৰ বুলি দাবী কৰি ফলক অঁৰা কার্যই সৃষ্টি কৰিছিল ব্যাপক প্রতিক্রিয়া ৷
যোৰহাট বন সংমণ্ডলৰ অন্তর্গত মৰিয়নি বনাঞ্চলিক বিষয়া কার্যালয়ৰ এলেকাধীন আৰু নিউ সোণোৱাল খণ্ড বন বিষয়া কার্যালয়ৰ গাতে লাগি থকা এই সংৰক্ষিত বনাঞ্চলখনক নগাই নিজৰ বুলি দাবী কৰাৰ লগতে আওকুম ৰিজার্ভ ফৰেষ্ট বুলি নামকৰণ কৰিছিল৷ বন বিভাগে এই সম্পর্কে কোনো ভুকে পোৱা নাছিল৷ মৰিয়নিৰ সাংবাদিকৰ এটা দলে এই সম্পর্কে বন বিভাগক অৱগত কৰাইছিল৷ ইয়াৰ পিছতো চৰকাৰে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ আনহাতে, মগ্রৈৰ সমীপত অসমৰ লোকৰ মাটি নগাই একেদিনাই হাবি–বন কাটি নিজৰ দখললৈ নিয়াৰ চেষ্টা চলাইছিল যদিও স্থানীয় ৰাইজৰ তৎপৰতাত সমগ্র বিষয়টো সম্প্রতি শান্ত হৈ আছে৷ সাতোলা পাহাৰ নামেৰে জনাজাত এই পাহাৰখনৰ মাটিত মগ্রৈ অঞ্চলৰ অসীম গগৈৰ পৰিয়ালৰ কেইবাপুৰুষেও খেতি–বাতি কৰি আহিছে৷ কিন্তু সমীপৰ কেইবাখনো নগা গাঁৱৰ শতাধিক লোকে আহি একেদিনাই নিজৰ বুলি দাবী কৰি নিজৰ হাতলৈ নিবলৈ বিচাৰিছিল৷
এই কার্যৰ বিৰুদ্ধে মগ্রৈ যুৱক সংঘই মৰিয়নি আৰক্ষী থানাত জনৈক চেনেপ আও আৰু শতাধিক নগা লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল যদিও মৰিয়নিৰ আৰক্ষীয়ে এজাহাৰৰ বিপৰীতে প্রথম অৱস্থাত কোনো গোচৰ ৰুজু কৰা নাছিল৷ কিন্তু ৰাইজৰ হেঁচা আৰু সংবাদ মাধ্যমত বিষয়টো বহুল প্রচাৰ হোৱাৰ পিছত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিবলৈ বাধ্য হয়৷ তদুপৰি মৰিয়নিৰ পৰা নাগালেণ্ডৰ কেইবাখনো জিলালৈ যোৱাৰ একমাত্র পথটো হৈছে মৰিয়নি–মোককচাং পথ৷ এই পথটোৰ চুটাফলা নামৰ ঠাইত আছে নগাৰ এটা তালাচী চকী৷ অসম–নাগালেণ্ডৰ প্রকৃত সীমাৰ পৰা প্রায় ১০ কিলোমিটাৰ অসমৰ মাটিত অৱস্থিত এই চুটাফলা গেটেই এতিয়া দুয়োখন ৰাজ্যৰ সীমাস্বৰূপ হৈ পৰিল৷ সম্প্রতি এই তালাচী চকীত নগাই পকী তোৰণৰ নির্মাণকার্য সম্পূর্ণ কৰি তুলিছে৷ তাকো অসমৰ দিশে অসমৰ মাটিত৷ এইক্ষেত্রতো অসমৰ বন বিভাগ, গৃহ বিভাগ সম্পূর্ণ মৌন৷ অসম চৰকাৰৰ এনে মৌনতাৰ সুযোগ লৈয়েই নগাই অসমৰ মাটিত অবাধ বেদখল অব্যাহত ৰাখিছে৷ যোৰহাট সমষ্টিৰ বিধায়ক, অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্র নাথ গোস্বামী, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু ৰাজ্যসভাৰ সাংসদ–যোৰহাটৰ প্রাক্তন সাংসদ কামাখ্যা প্রসাদ তাছা সীমা সমস্যাক লৈ সম্পূর্ণভাৱে মৌন৷ বর্তমান অসম বিধানসভাৰ অধিৱেশন চলি আছে৷ এই অধিৱেশনত মৰিয়নিৰ এই গুৰুতৰ সমস্যাটো উত্থাপন হোৱাটো সমষ্টিবাসী ৰাইজে কামনা কৰিছে৷