নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ আজি দেশজুৰি পালন কৰা হৈছে জনতা কাৰ্ফিউ । ক’ৰোনা ভাইৰাছে ভাৰতত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পাচতেই দেওবাৰে দিনটোক জনতা কাৰ্ফিউ হিচাপে মানিবলৈ আহ্বান জনাইছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেশৰ প্ৰতিটো প্ৰান্ততে এতিয়া নিমাওমাও পৰিস্থিতি ।
জনতা কাৰ্ফিউৰ আজিৰ এই দিনটোতে পুৱাই নগাঁৱত উপস্থিত হয় অসংখ্য । বহিঃৰাজ্যত কৰ্মৰত এইসকল যুৱক ৰে’লেৰে আহি পুৱাই নগাঁৱত উপস্থিত হয় । কেৰালা , কৰ্ণাটক আদি দক্ষিণ ভাৰতৰ ভিন্ন ৰাজ্যৰ পৰা অহা এইসকল যুৱকে কিন্তু সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গতানুগতিকভাৱেই কৈ গ’ল বহু কথা ।
কোনোজনক যদি দুটাকৈ ষ্টেশ্বনত স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে , আন কোনোজনক আকৌ চাৰিটাকৈ ষ্টেশ্বনত কৰোৱা হৈছে পৰীক্ষা । বহুদিন ঘৰলৈ নহাৰ বাবে ঘৰ আহিছে বুলিও উল্লেখ কৰে এইসকলৰ মাজৰ বহুজনে । কেৰালা আৰু বেংগালুৰুৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত সাংবাদিক কৰা প্ৰশ্নৰ উত্তৰত যুৱককেইজনে বৰ্তমান সকলো ভালেই বুলি উল্লেখ কৰে ।
এইসকল যুৱকৰ কোনো এজনৰ শৰীৰতে জ্বৰ-কাহ নথকা লগতে স্বাস্থ্য সম্পূৰ্ণ সুস্থ বুলি কয় । অৱশ্যে বহিঃৰাজ্যৰ পৰা ৰে’লেৰে অসমত প্ৰৱেশ কৰা এইসকল যুৱক এতিয়া নিজ নিজ ঘৰতেই ১৪ দিন পৰ্যন্ত আছুতীয়াকৈ থকা বিষয়টো হৈছে অতি জৰুৰী । তেনে পৰিস্থিতিত নগাঁও জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে বিষয়টোক গুৰুত্বসহকাৰে ল’বৰ বাবে আহ্বান জনাইছে সচেতন মহলে ।