নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনতা কাৰ্ফিউলৈ ব্যাপক সঁহাৰিঃ নিমাওমাও ৰাজ্য

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ বিশ্বত ত্ৰাস সৃষ্টি কৰা ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ভয়াৱহ হাৰত বৃদ্ধি পাইছে ভাৰতত । ভাৰতত হ’ব পৰা সম্ভাৱ্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যোৱা বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক সম্বোধন কৰি ২২ মাৰ্চ দেওবাৰে ১৪ ঘণ্টাৰ জনতা কাৰ্ফিউ পালনৰ আহ্বান জনায় ।

দেশৰ লগতে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এতিয়া দেখা গৈছে জনতা কাৰ্ফিউৰ প্ৰতি সাধাৰণজনৰ ব্যাপক সঁহাৰি । গুৱাহাটী মহানগৰীৰ লগতে অসমৰ প্ৰতিখন মফচলীয় চহৰত এতিয়া নিমাওমাও পৰিস্থিতি । সদাব্যস্ত চহৰ-নগৰ সমূহত বহু বিৰতিৰ অন্তত এতিয়া শুনিবলৈ পোৱা গৈছে পক্ষীৰ কাকলি ।

জনতা কাৰ্ফিউৰ প্ৰতি সমৰ্থন জনায় প্ৰতিগৰাকী লোকেই নিজকে আবদ্ধ কৰি ৰাখিছে ঘৰতে । এই ১৪ ঘণ্টাত কোনোৱে কিতাপ পঢ়া, কোনো টিভি চোৱা অথবা পৰিয়ালৰ সৈতে সময় কটোৱাৰ কথা ব্যক্ত কৰিছে সংবাদমাধ্যমৰ সমুখত । ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিটো ৰাষ্ট্ৰীয় ঘাইপথতেই নিমাওমাও পৰিৱেশ দেখাৰ লগতে সদাব্যস্ত গুৱাহাটী বিমানবন্দৰ আৰু পৰ্যটনস্থলীসমূহো হৈ পৰিছে জনশূন্য ।

ক’ভিড ১৯ ক প্ৰতিৰোধ কৰিবৰ বাবে জনাসমাগম ৰোধৰ জৰিয়তে সংক্ৰমণৰ শৃংখলা সম্পূ্ৰ্ণৰূপে ভাঙি দিয়াৰ বাবে দেশবাসীয়ে পালন কৰা জনতা কাৰ্ফিউ হৈছে অন্যতম । জনতা কাৰ্ফিউৰ সমান্তৰালভাৱে সোমবাৰেও ৰাজ্যৰ চেম্বাৰছ কমাৰ্ছে ঘোষণা কৰিছে প্ৰতিটো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ কথা । কেৱল জৰুৰীকালীন সেৱা সমূহহে উপলব্ধ থাকিব এই সময়ছোৱাত । ইফালে, এই ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তিনিদিনলৈকে বন্ধ কৰি দিয়া হৈছে গুৱাহাটীৰ চিটিবাছ সেৱা ।

উল্লেখ্য যে, চীনৰ য়ুহান চহৰৰ পৰা সমগ্ৰ বিশ্বলৈ গতি কৰা মহামাৰী ক’ৰোনাত বৰ্তমানলৈকে ভাৰতত আক্ৰান্ত হৈছে ৩৩৯ গৰাকীকৈ লোক । ইয়াৰে মৃত্যুমুখত পৰিছে পাঁচগৰাকী লোক ।

You might also like