নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ জাতিৰ স্বাৰ্থত কংগ্ৰেছ আৰু এ আই ইউ ডি এফে ২১ ৰ নিৰ্বাচনত মিত্ৰতা কৰা উচিত । বুধবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সংবাদমাধ্যমৰ সমুখত আগবঢ়াই এই মন্তব্য । বৰ্ষীয়ান কংগ্ৰেছ নেতাগৰাকীয়ে নাগৰিকত্ব সংশোধনী আইন বিৰোধী কংগ্ৰেছ এ আই ইউ ডি এফ আৰু বাওপন্থী সকলো দল একলগ হোৱাৰ কথা উল্লেখ কৰে । জাতিৰ স্বাৰ্থত বিজেপিক প্ৰতিহত কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰাটো আৱশ্যক বুলি উল্লেখ কৰে ।