নিয়মীয়া বার্তা, ১৫ ফেব্রুৱাৰীঃ ছিপাঝাৰৰ এ পি বি ইটা উদ্যোগত কর্তৃপক্ষৰ গাফিলতিৰ বাবেই শুকুৰবাৰে কৰুণভাৱে প্রাণ দিবলগীয়া হয় এটি এবছৰীয়া শিশুসহ এগৰাকী যুৱতীয়ে ৷ লক্ষণীয় যে ছিপাঝাৰৰ বাঁহগঢ়া–দামপুৰ অঞ্চলত জধে–মধে স্থাপন হোৱা ইটাভাতাই জনজীৱনৰ প্রতি ভাবুকি কঢ়িয়াই অনা বুলি চর্চিত হৈ অহাৰ সময়তে এ পি বি ভাতাৰ ভিতৰতে এখন ইটা কঢ়িওৱা গাড়ীৰ খুন্দাত শোকাৱহভাৱে মৃত্যুক আঁকোৱালি ল’বলগীয়া হ’ল ৰুমা খাতুন (১৮) আৰু এবছৰীয়া ভাগিনীয়েক নজিৰুল হকে ৷
জানিব পৰা মতে, ইটা উদ্যোগটোত ব্যৱহৃত এ এছ–০১ ডি ডি–০৫২৬ নম্বৰৰ মিনি ট্রাকখনত ইটা বোজাই কৰি গ্রাহকলৈ পঠিওৱাৰ সময়তে ইটা দ’মৰ ওচৰতে কণমানি ভাগিনীয়েকক নিচুকাই থকা অৱস্থাতে ট্রাকখনে খুন্দা মাৰে ৷ ঘটনাস্থলীতে ৰুমা খাতুনৰ মৃত্যু হোৱাৰ লগতে চিকিৎসালয়ত মৃত্যু হয় এবছৰীয়া শিশুটিৰ ৷ ইফালে এই দুর্ঘটনাটোক গাড়ীখনৰ ব্রেকফেইল হোৱা বুলি উদ্যোগ কর্তৃপক্ষই সম্পূর্ণ গা এৰা দিয়া মন্তব্য কৰে যদিও প্রকৃতার্থত দুর্ঘটনাটোৰ সময়ত চালকৰ বাহিৰে আন এজন শ্রমিকেহে চলাইছিল বুলি এটা বিশেষ সূত্রৰ পৰা জানিব পৰা গৈছে ৷
কিন্তু নিহত দুয়োৰে ঘৰ সুদূৰ ধুবুৰীত হোৱা বাবেই মালিক পক্ষই নিজৰ পৰিকল্পনা মতে ঘটনাটো এতিয়া অন্য ৰূপ দিয়াৰ চেষ্টা চলাইছে ৷ এইখিনিতে উল্লেখযোগ্য যে বাঁহগঢ়া অঞ্চলত থকা ইটা উদ্যোগসমূহত পদে পদে মানৱ অধিকাৰ উলংঘনৰ ঘটনা সংঘটিত হয় যদিও আৰক্ষী–প্রশাসনে এইবোৰ ঢুকিয়েই নাপায় ৷ বিশেষকৈ কণ কণ শিশুসকল অস্বাস্থ্যকৰ পৰিৱেশত থকাৰ পাছতো কোনো তৎপৰতা নাথাকে প্রশাসনৰ ৷ শুকুৰবাৰে সংঘটিত এই কৰুণ ঘটনাটোৱে যেন উদঙাই দিলে ইটা উদ্যোগসমূহৰ ভিতৰত চলা আন এক নীতি–নিয়মবিহীন কার্যৰেই ৷