নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আকৌ বিতর্কত লখিমপুৰ মেডিকেল কলেজঃ ৰাতিটোৰ ভিতৰতে পুত্র সন্তান হ’ল ছোৱালী

নিয়মীয়া বাৰ্তা, ২৭ জুন: বিতর্কই লগ নেৰা হৈছে লখিমপুৰ মেডিকেল কলেজক৷ সঘনাই চর্চাৰ কেন্দ্রবিন্দু হৈ পৰিছে লখিমপুৰ মেডিকেল কলেজ৷ আজিও এক চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে কলেজ–হাস্পতালখন৷ নিশাটোৰ ভিতৰতে নৱজাতক পুত্র সন্তান কন্যালৈ সলনি হোৱাৰ অভিযোগ উঠিছে৷ কলেজখনৰ দেৱাল ফটা, ভিতৰত পানী পৰা, হন্ধনৰ অভাৱত জেনেৰেটৰ চলাব নোৱাৰাত প্রসূতিৰ মৃত্যু ঘটা আদি অনেক ঘটনাৰ প্রতিক্রিয়া চলি থাকোঁতেই এইবাৰ নৱজাতক ল’ৰাৰ পৰা ছোৱালী হৈ পৰা ঘটনা পোহৰলৈ আহিছে৷ মেডিকেল কলেজখনৰ শিশু আৰু মাতৃ বিভাগত নৱজাতক শিশু সলনি হৈ পৰা ঘটনা সংঘটিত হৈছে৷

উল্লেখ্য যে শনিবাৰে লখিমপুৰৰ ঘামৰাৰ ছায়ামণি দাস নামৰ এগৰাকী প্রসূতিক ভর্তি কৰোৱাৰ পাছত নিশা স্বাভাৱিকভাহে জন্ম হৈছিল এটি সন্তানৰ৷ চিকিৎসক আৰু নার্ছৰ মতে প্রসূতিয়ে জন্ম দিছিল ল’ৰা সন্তান৷ কিন্তু পুৱা শিশুটো কাপোৰ খোলোঁতেহ ওলাই পৰিল সন্তানটো পুত্র নহয় কন্যাহে৷ চিকিৎসক আৰু নার্ছে জন্মলাভ কৰা শিশুটি ল’ৰা বুলি কোৱাৰ পাছত কন্যা সন্তান দেখি হতবাক হৈ পৰে পিতৃ–মাতৃ৷ চাঞ্চল্যকৰ এহ ঘটনাত নৱজাতক সালসলনি হোৱাৰ অভিযোগ তুলি অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, অসমীয়া যুৱ মঞ্চ আদিয়ে প্রতিক্রিয়া প্রকাশ কৰি তদন্তৰ দাবী জনাইছে৷ সন্তানটোৰ পৰিয়ালে ঘটনাটোৰ তদন্তৰ দাবী জনায়৷ নিশা জন্মৰ পাছত পুত্র বুলি কোৱাৰ পাছত পুৱালৈ সন্তানটো কন্যা হৈ পৰা এই ঘটনাৰ প্রকৃত ৰহস্য উন্মোচন কৰিবলৈ ৰাইজে দাবী জনাইছে৷

You might also like