নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিজিটেলত সংৰক্ষিত হ’ব বড়ো লিপি–সাহিত্য

এছক’ছিছৰ সৈতে বড়ো সাহিত্য সভাৰ বুজাবুজিৰ চুক্তি

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ যি সময়ত ভাষা–সাহিত্য সংৰক্ষণৰ বাবে ৰাজ্যবাসীয়ে সংগ্রাম কৰিবলগীয়া হৈছে, সেই সময়তে বড়ো ভাষা সংৰক্ষণ–সংবর্ধন তথা প্রসাৰৰ বাবে বড়ো সাহিত্য সভাই এক গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে ৷ জনগোষ্ঠীয় ভাষাটোৰ সংৰক্ষণৰ সমান্তৰালকৈ ইয়াৰ প্রচাৰ আৰু প্রসাৰৰ বাবে বড়ো সাহিত্য সভাই এক ঐতিহাসিক সিদ্ধান্ত গ্রহণ কৰি সমগ্র ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্রীয় পর্যায়ত এক বিশেষ মাত্রা দিয়াবলৈ আগবাঢ়িছে ৷ বড়ো ভাষা সংৰক্ষণৰ বাবে বড়ো সাহিত্য সভাই প্রতিষ্ঠিত ছফ্টৱেৰ কোম্পানী এছক’ছিছৰ Ascosys) সৈতে এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে ৷ সোমবাৰে গুৱাহাটীত অনুষ্ঠিত এক অনুষ্ঠানত বড়ো সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট সাহিত্যিক তৰেণ বড়ো আৰু সম্পাদক প্রশান্ত বড়োৱে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এছক’ছিছৰ সঞ্চালক মনদীপ শর্মাৰ সৈতে এই চুক্তিত স্বাক্ষৰ কৰে ৷

উল্লেখ্য যে এই প্রতিষ্ঠানটোৱে অহা ২২ জানুৱাৰীত বড়ো ভাষা প্রচাৰ আৰু প্রসাৰৰ বাবে ‘ই–থুনলাই’ শীর্ষক এক এপছ মুকলি কৰিব ৷ এই এপছৰ জৰিয়তে ইচ্ছুকসকলে বড়ো ভাষা শিকিবলৈ সুবিধা লাভ কৰিব৷ তদুপৰি প্রতিষ্ঠিত ছফ্টৱেৰ কোম্পানীটোৱে বড়ো ভাষা ডিজিটেলাইজ কৰাৰ বাবে জনগোষ্ঠীয় ভাষাটোৰ লিপি, সাধুকথা, সাহিত্য, সংস্কৃতি, ঐতিহ্য আৰু বড়ো ভাষাৰ গ্রন্থসমূহ অনলাইনত উপলব্ধ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্রহণ কৰিব ৷ বিশেষকৈ ই–থুনলাই এপছৰ জৰিয়তে বিশ্বৰ ভিন্ন প্রান্তৰ লোকে বড়ো ভাষাৰ জ্ঞান লাভ কৰাৰ লগতে বড়ো সম্প্রদায়ৰ লোকসকলে ইংৰাজী ভাষাৰ জ্ঞান লাভ কৰিবলৈ সক্ষম হ’ব ৷ অৱশ্যে পৰৱর্তী সময়ত ইংৰাজীৰ পৰিৱর্তে অসমীয়াৰ পৰা বড়ো আৰু বড়ো ভাষাৰ অসমীয়া ভাষাত আদান–প্রদান কৰিবলৈ ছফ্টৱেৰ কোম্পানীটোৱে সুবিধা দিয়াৰ ব্যৱস্থা গ্রহণ কৰিব ৷

এই অনুষ্ঠানত বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৱে বড়ো ভাষাক ডিজিটেল ৰূপ দিয়াৰ বাবে আগবাঢ়ি অহাত প্রতিষ্ঠানটোক ধন্যবাদ জনাই ইয়াৰ দ্বাৰা বড়ো ভাষাই আন্তঃৰাষ্ট্রীয় পর্যায়ত এক বিশেষ মাত্রা লাভ কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে ৷ সাহিত্যিকগৰাকীয়ে লগতে কয় যে বিশ্বৰ ভিন্ন প্রান্তৰ লোকসকলক বড়ো ভাষা শিকিবলৈ প্লেটফর্ম দিয়াৰ লগতে এই কার্যই বিভিন্ন ভাষা–জনগোষ্ঠীয় লোকসকলক বিশেষভাৱে উপকৃত কৰিব ৷ অনুষ্ঠানত কটন কলেজৰ (বর্তমানৰ বিশ্ববিদ্যালয়) প্রাক্তন অধ্যাপক তথা চি এম জে বিশ্ববিদ্যালয়ৰ উপাচার্য প্রাণহৰি তালুকদাৰে বড়ো ভাষাৰ সংৰক্ষণ তথা প্রচাৰৰ বাবে গ্রহণ কৰা এই সিদ্ধান্তৰ শলাগ লয়৷ আজি অনুষ্ঠানত বড়ো সাহিত্য সভাৰ সম্পাদক প্রশান্ত বড়োকে ধৰি অন্যান্য বিষয়ববীয়াৰ লগতে এছক’ছিছৰ কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে ৷

You might also like