নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত চিকিৎসাধীণ অৱস্থাতে মাতৃ-শিশুৰ মৃত্যুঃ ব্যাপক চাঞ্চল্য

নিয়ৰ্মীয়া বাৰ্তা, ২২অক্টোবৰ :  চিকিৎসাধীণ অৱস্থাতে মাতৃ-শিশুৰ মৃত্যু হোৱাত ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি হৈছে।মাজুলীৰ পিছতে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ চিকিৎসা ব্যৱস্থা ফোপোলা স্বৰূপ উদঙালে এইবাৰ ঐতিহ্যমণ্ডিত অসম চিকিৎসা মহাবিদ্যালয়ে। উপযুক্ত চিকিৎসাৰ অভাৱত শিশু আৰু মাতৃৱে কৰুণ মৃত্যুক আকোৱালি ল’বলগীয়া হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ মাতৃ আৰু শিশু বিভাগত চিকিৎসাৰ বাবে তিনিচুকীয়া জিলাৰ ধলা হাঁহখাটি গাঁৱৰ এগৰাকী প্ৰসূতি চিকিৎসাৰ বাবে তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল।কিন্তু মেডিকেলৰ চিকিৎসকৰ গাফিলতি আৰু অক্সিজেনৰ অভাৱৰ বাবেই আজি কফিয়া মৰান নামৰ প্ৰসূতি মহিলাগৰাকীৰ লগতে নৱজাতক শিশুটিও কৰুণ মৃত্যুক আকোৱালি লোৱাৰ গুৰুতৰ অভিযোগ উৎথাপিত হৈছে।মূলত উপযুক্ত চিকিৎসা আৰু অক্সিজেনৰ অভাৱতে শিশু আৰু মাতৃয়ে কৰুণ মৃত্যুক আঁকোৱালি ল’বলগীয়া হোৱা বুলি অভিযোগ তুলিছে পৰিয়ালৰ লোকে।ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নয়ন তথা ইখনৰ পাছত সিখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছে যদিও উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমখন চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা ক্ষেত্ৰত বিভিন্ন সময়ত চিকিৎসা অভাৱত পৰি বিভিন্ন জনে ব্যক্তিগত চিকিৎসালয়লৈ ঢাপলি মেলিব লগা হৈ আহিছে।শেহতীয়াকৈ এগৰাকী প্ৰসূতি আৰু সদ্যজাত শিশু মৃত্যুৰ ঘটনা পাছত বিষয়টো কতৃপক্ষই কেনেদৰে বিবেচনা কৰে সেইয়া হব গুৰুত্বপূৰ্ণ।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like