বিশেষ বাৰ্তা, ২৮ ডিচেম্বৰঃ যোৰহাটৰ পাছত এইবাৰ ডিব্ৰুগড়ত বাঘৰ সন্ত্ৰাসে কঁপাইছে চাহনগৰী। আজি বিয়লি ভাগত চহৰখনৰ ডিব্ৰুজানত হঠাৎ আৱিৰ্ভাৱ হল এটা প্ৰকাণ্ড নাহৰফুটুকী। এনেদৰে এটা বাঘ জনাঞ্চললৈ ওলাই অহাত সকলোতে ব্যাপক হুৱা-দুৱা লাগে।জানিব পৰা মতে চহৰখনৰ পূৱ প্ৰান্তৰ ডিব্ৰুজানৰ ৰাজহুৱা ফিল্ডৰ সমীপত বিয়লি প্ৰায় ৪ বজাত এটা প্ৰকাণ্ড নাহৰফুটুকীয়ে কেইটামান কন-কন শিশুৱে খেলা কৰি থকাৰ নিচেই কাষৰে আহি স্কুটী চলাই অহা চবিনা বেগমৰ (২৭) মুখামুখি হয়। হঠাৎ চকুৰ সন্মুখত এক জীৱন্ত বাঘ দেখি কিংকৰ্তৱ্যবিমূঢ় হৈ পৰে যুৱতীগৰাকী আৰু দিকবিদিক হেৰুৱাই স্কুটীখন এৰি পলাবলৈ বিছাৰে।তেতিয়া স্কুটীখন বাঘটোৰ ওপৰত পৰি যোৱাত চবিনা নামৰ যুৱতীগৰাকীৰ ভৰিত আঁচোৰ মাৰি বাঘটোৱে পলাই যায়।এনেদৰেই বাঘটো বীৰৰ্দপে ৰাজপথৰে গৈ থকাত ৰাষ্টাত ঝাড়ু লৈ থকা আছলম আয়াজ(৫১) ওৰফে মিন্টুক আক্ৰমন কৰে।আক্ৰমনত মিন্টুৰ গলধনৰ মঙহ আৰু চকুৰ ওচৰত কামুৰি ডিব্ৰুজানৰে মুকিবুৰ ৰহমান নামৰ এঘৰ লোকৰ ঘৰত প্ৰবেশ কৰে নাহৰফুটুকীটো।উন্মত তথা হিংস্ৰুক হৈ পৰাত বাঘটো মুকিবুৰ ৰহমানৰ নিৰ্মীয়মান পকী ঘৰৰ জমা কৰি থোৱা কাঠ আৰু বাঁহৰ মাজত সোমাই আবদ্ধ হৈ পৰাত অঞ্চলটোত আতংকৰ স্বৃষ্টি হয়।আনহাতেদি বাঘটোৰ আক্ৰমণত আহত হোৱা দুয়োগৰাকী ব্যক্তিক ততাতৈয়াকৈ অসম মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়।বাঘৰ এনে মুক্ত বিচৰণত সমগ্ৰ অঞ্চলটোত ব্যাপক আতংকৰ সৃষ্টি হোৱাত ঘটনাস্থলীত আৰক্ষী আৰু চিআৰপিএফক নিয়োগ কৰা হৈছে।আজি দিনটো বতৰ দাওৰীয়া হৈ থকাৰ বাবে পোহৰ কম হোৱাত বিয়লিতে প্ৰায় এন্ধাৰৰ দৰে পৰিৱেশ হয়।জিলা বন বিষয়া সহ বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় যদিও ঢাল নাই,তৰোৱাল নাই,নিধিৰাম চৰ্দাৰৰ দৰে হলগৈ।ট্ৰেংকুইলাইজাৰ নোহোৱাকৈ কেৱল মানুহকেইজনমানহে উপস্থিত হৈ নিৰ্দেশনা দিয়াত ব্যস্ত থাকিল।জিলা বন বিষয়াগৰাকীয়ে জনোৱা অনুসৰি তিনিচুকীয়াৰ গুইজান তথা ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ট্ৰেংকুইলাইজাৰ বিশেষজ্ঞ আহি পোৱাৰ পাছতহে বাঘটো পিঞ্জৰাবদ্ধ কৰিব পৰা যাব।ট্ৰেংকুইলাইজাৰ এটা বিশেষজ্ঞৰ দল আহি পোৱাৰ পাছত বাতৰি লিখা পৰলৈকে বাঘটো পিঞ্জৰাবদ্ধ কৰিব পৰা নাই।ফলত ঘন জনবসতিপূৰ্ণ অঞ্চলটোৰ হাজাৰ হাজাৰ ৰাইজ বিয়লিৰে পৰা বহু ঘন্টা ধৰি পনবন্দী হোৱাৰ লগতে আতংকত পাৰ কৰিব লগাত পৰিছে।
প্ৰেৰক বিভাস দুৱৰা