নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এটা টুইটত জোকাৰণি… ঢেকীয়াজুলিত মিনাবজাৰৰ নামত বহা জুৱাৰ বেহা উৎখাত আৰক্ষীৰ

বিশেষ বাৰ্তা, ২৮ ডিচেম্বৰঃ শ্বহীদ নগৰী ঢেকিয়াজুলিত আৰক্ষীৰ চকুৰ সন্মুখতে চলিছে জুৱাৰ মুকলি বেহা ৷ ঢেকিয়াজুলিত মিনাবজাৰৰ নামত জুৱাৰ বেহা চলাৰ কথা আছুৱে টুইটাৰ যোগে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধানক অৱগত কৰাৰ লগে লগেই SDGPৰ নিৰ্দেশত আৰক্ষীয়ে উৎখাত কৰিলে জুৱাৰ ঘাটি ৷ এগৰাকী লোকৰ এটা টুইটত থৰকাচুটি হেৰুৱাই জুৱাৰ ঘাটি উৎখাত কৰিবলৈ বাধ্য হ’ল ঢেকিয়াজুলি আৰক্ষী ৷ আটক হ’ল পাঁচ জুৱাৰী ক্ৰমে নাৰায়ণ দাস, সূজন দাস, দিলজাৰ হুছেইন, চলীম আলী, বাবুল মহন্ত ৷ উল্লেখযোগ্য যে শোণিতপুৰৰ ঢেকিয়াজুলি নগৰী এতিয়া পৰ্যবসিত হৈ পৰিছে জুৱাৰ মূল কেন্দ্ৰস্থলীলৈ৷ আৰক্ষীৰ নাকৰ তলত গোপন বুজাবুজিৰে বিভিন্ন প্ৰান্তত চলি আহিছে জুৱাৰ মুকলি বেহা৷ আনহাতে বিগত তিনি দিনে ঢেকিয়াজুলিৰ গাধাজুলিত  মিনাবজাৰৰ নামত মুকলিকৈ চলিছে জুৱা ৷অঞ্চলটোৰ বিভিন্ন লোকে জুৱা খেল খেলি সামাজিক পৰিৱেশ বিনষ্ট কৰিছে যদিও ঢেকিয়াজুলি আৰক্ষীয়ে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰি গোপনে জুৱা খেলৰ অনুমতি প্ৰদান কৰাৰ অভিযোগত  ঢেকিয়াজুলিৰ আছু কৰ্মীয়ে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙক টুইটাৰ যোগে বিষয়টো অৱগত কৰাৰ লগে লগেই আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীৰ নিৰ্দেশত ঢেকিয়াজুলি আৰক্ষীয়ে উপায়ান্তৰ হৈ কালি নিশা গাধাজুলিত মিনাবজাৰত মুকলিকৈ চলি থকা জুৱাৰ ঘাটি উৎখাত কৰি পাঁচ জুৱাৰীক আটক কৰে৷ ঢেকিয়াজুলি আৰক্ষী থানাৰ উপ পৰিদৰ্শক সুৰজিত মান্টাই সংবাদ মাধ্যমত জনায় যে আৰক্ষীয়ে জুৱাৰ ঘাটিৰ পৰা উদ্ধাৰ কৰে নগদ ২২,৩৮০  টকা আৰু  জুৱাখেলৰ বিভিন্ন সামগ্ৰী ৷ ইয়াৰোপৰি আৰক্ষীয়ে জুৱাখেলৰ স্থলীৰ পৰি এখন স্কুটি জব্দ কৰে বুলি জনায় আৰক্ষী বিষয়াগৰাকীয়ে ৷ ঢেকিয়াজুলি আৰক্ষী থানাৰ সমীপত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আৰক্ষীৰ চকুৰ সন্মুখতে চলিছিল মিনাবজাৰত জুৱাৰ আড্ডা৷আছু নেতাই উচ্চপদস্থ বিষয়ালৈ কৰা টুইটৰ ফলশ্ৰুতিতহে উৎখাত হ’ল জুৱাৰ আড্ডা৷ ঢেকিয়াজুলি জুৱাৰ কেন্দ্ৰস্থলত পৰিণত হৈছে যদিওঁ ঢেকিয়াজুলি আৰক্ষীৰ লগতে শোণিতপুৰৰ আৰক্ষীয়ে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰাত উদ্বেগ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like