বিশেষ বাৰ্তা, ১৩ জুলাইঃ ডোছাৰ সৈতে চাম্বাৰ বিক্ৰী কৰাটো আৱশ্যকীয়। কিন্তু সেই চাম্বাৰ নিদিয়াৰ বাবেই বিহাৰৰ এখন ৰেষ্টুৰেণ্টত সংঘটিত হৈছিল এক ঘটনা। ৰেষ্টুৰেণ্টখনে ১৪০ টকাত মছলা ডোছা বিক্ৰী কৰাৰ বাবে এতিয়া ৩৫০০ টকা জৰিমনা ভৰিব লাগিব। কিন্তু কিয়? ২০২২ চনৰ ১৫ আগষ্টৰ ঘটনা। সেইদিনা আছিল মনীষ গুপ্তা নামৰ এজন উকীলৰ জন্মদিন। জন্মদিনত মছলা ডোছা খাবলৈ মন গৈছিল। একেদৰে তেওঁ বিহাৰৰ বক্সাৰৰ এখন ৰেষ্টুৰেণ্টত মছলা ডোছাৰ অৰ্ডাৰ দিছিল। যাৰ দাম আছিল ১৪০ টকা। পিছত উকীলে দেখিলে যে ডোছাৰ লগত কোনো চাম্বাৰ নাই। দেখি তেওঁ থতমত খালে। ৰেষ্টুৰেণ্টখনৰ সৈতে যোগাযোগ কৰিলে। ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই কোনো উত্তৰ দিব নোৱাৰিলে যে কিয় ডোছাৰ সৈতে চাম্বাৰ পৰিৱেশন কৰা নহ’ল। বৰঞ্চ ৰেষ্টুৰেণ্টখনৰ মালিকে ক’লে, “আপুনি ১৪০ টকাত গোটেই ৰেষ্টুৰেণ্টখন কিনিব বিচাৰেনে?”- এই মন্তব্যৰ পিছতেই আইনী যুদ্ধত যোগ দিলে উকীলজনে। ৰেষ্টুৰেণ্টখনক আইনী জাননী দিলে। কিন্তু ৰেষ্টুৰেণ্টৰ পৰা কোনো সঁহাৰি নাপালে। ইয়াৰ পিছতে মনীষে জিলা উপভোক্তা আয়োগত এজাহাৰ দাখিল কৰে। প্ৰায় ১১ মাহৰ পিছত গ্ৰাহক আয়োগৰ বিভাগীয় বিচাৰপীঠে ৰেষ্টুৰেণ্টখনক দোষী সাব্যস্ত কৰে। ইয়াৰ উপৰি আয়োগে ৩,৫০০ টকা জৰিমনা বিহাৰ নিৰ্দেশ দিয়ে। আজি পোহৰলৈ আহে এই ঘটনা।