নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্রাগ্ছৰ কবলৰ পৰা মুক্ত কৰিব লাগিব নৱপ্রজন্মকঃ মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা, ৮মার্চঃ আমি আমাৰ ভৱিষ্যৎ প্রজন্মক ড্রাগ্ছৰ কবলত পৰাৰ পৰা ৰক্ষা কৰিব লাগিব৷ গুৰুসকলৰ মহান আদর্শৰ জৰিয়তে সুস্থ জীৱনশৈলী গঢ়ি তুলিব লাগিব৷– মৰিগাঁও জিলাৰ আঁহতগুৰিত একশৰণ নামধর্ম সমাজৰ পালনামৰ মুকলি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি এই আহ্বান জনায় মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ দুদিনীয়াকৈ অনুষ্ঠিত এই ধর্মীয় অনুষ্ঠানত আজি দ্বিতীয় দিনাৰ কার্যসূচীৰ মুকলি সভাত অংশগ্রহণ কৰে মুখ্যমন্ত্রী সোণোৱালে৷ জাগীৰোড সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, অনুষ্ঠানটোৰ অন্যতম গুৰি ধৰোঁতা দীনেশ মহন্ত, লেখক–সমালোচক ইছমাইল হোছেইন, মৰিগাঁও জিলাৰ উপায়ুক্ত ঋতুৰাজ বৰা প্রমুখ্যে বহুকেইগৰাকী বিশিষ্ট লোক৷ সভাত ভাষণ দি স্থানীয় বিধায়ক তথা মন্ত্রী পীয়ূষ হাজৰিকাই কয় যে সাম্প্রতিক জটিল সময়ত গুৰুজনাৰ আধ্যাত্মিক চিন্তাৰ ভেটিত প্রতিষ্ঠিত এই অনুষ্ঠানটোৰ ভকতসকলৰ পদধূলাই আঁহতগুৰিক মহিমামণ্ডিত কৰি তুলিছে৷ আনহাতে, সভাত মুখ্য অতিথিৰ ভাষণ দি মুখ্যমন্ত্রী সোণোৱালে গুৰুজনাৰ আদর্শক সমাজৰ সকলো স্তৰলৈ লৈ যোৱা প্রয়াত বৈষ্ণৱ পণ্ডিত ইলাৰাম দাসৰ অৱদানক শ্রদ্ধাৰে স্মৰণ কৰে৷ মুখ্যমন্ত্রীগৰাকীয়ে কয়– আমি গুৰুসকলৰ আদর্শৰে আগবাঢ়িব লাগিব আৰু যাৰ জৰিয়তে সমৃদ্ধিশালী সমাজৰ সৃষ্টি হ’ব৷ সমগ্র বিশ্বৰ সন্মুখত আমি নিজকে শ্রেষ্ঠ ৰূপে পৰিচয় দিবলৈ সক্ষম হ’ব লাগিব৷ ড্রাগ্ছৰ দৰে মহাব্যাধিক আমি নিৰাময় কৰিব লাগিব৷ আমাৰ ছাত্র–ছাত্রীসকলক আমি ড্রাগ্ছৰ কবলৰ পৰা ৰক্ষা কৰিব লাগিব৷ আনহাতে, সাহিত্যৰথীৰ জন্মস্থান আঁহতগুৰিৰ প্রতি চৰকাৰৰ কৰণীয় আছে বুলি প্রতিশ্রুতি দিয়ে মুখ্যমন্ত্রীগৰাকীয়ে৷ সভাৰ অন্তত মুখ্যমন্ত্রীয়ে সাংবাদিকৰ সন্মুখত মাৰাত্মক ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱ ৰোধ আৰু চিনাক্তকৰণৰ ক্ষেত্রত চৰকাৰ তথা স্বাস্থ্য বিভাগে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে বুলি প্রকাশ কৰে৷

You might also like