নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত পথাৰতে দ’মে দ’মে গেলিছে ৰঙালাউ

নিয়মীয়া বাৰ্তা, ৬ মে’ : ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰা দেশৰ লগতে ৰাজ্যখনৰ জনসাধাৰণক ৰক্ষা কৰিবৰ বাবে চৰকাৰে ঘোষণা কৰা তলাবন্ধই বাৰুকৈয়ে জুৰুলা কৰিছে সাধাৰণ কৃষক ৰাইজক ৷ ৰাজ্যখনৰ আন আন প্রান্তৰ লগতে ঢকুৱাখনা মহকুমাৰ বৃহত্তৰ সোণাৰি চাপৰি অঞ্চলৰ শ শ কৃষকক মাধমাৰ শোধাইছে এই তলাবন্ধই ৷ তলাবন্ধৰ সময়ত অঞ্চলটোৰ  একাংশ খেতিয়কৰ উৎপাদিত ফচল বিক্রী কৰিব নোৱাৰি পানীত হাঁহ নচৰা অৱস্থা হৈছে ৷ ঢকুৱাখনা বিধানসভা সমষ্টিৰ সোৱণশিৰি ৰাজহ চক্রৰ অন্তর্গত সোণাৰি চাপৰি, কেঁকুৰি, বর্ষামুখ, মৰনৈ বেবেজীয়া আদি অঞ্চলৰ কৃষকসকলে দীর্ঘদিনৰ পৰা আলু, ৰঙালাউ আদিৰ লগতে বিভিন্ন ৰবি শস্যৰ খেতিৰে এক সেউজ বিপ্লৱ গঢ়ি তুলিছিল ৷ বিগত সময়বোৰৰ দৰে এইবাৰো অঞ্চলটোৰ কেইবাটাও কৃষি প্রধান এলেকাত প্রত্যেকজন কৃষকে কপালৰ ঘাম মাটিত পেলাই কমেও পাঁচ–দহ বিঘা মাটিত আলু, ৰঙালাউ আদিৰ খেতি কৰিছিল যদিও  দুর্ভাগ্যজনকভাৱে দেশত বলৱৎ হোৱা তলাবন্ধৰ ফলত এই ফচলবোৰ বিক্রী কৰিব নোৱাৰি এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ একমাত্র এই কৃষি কার্যৰ জৰিয়তে পৰিয়াল পোহপাল দি অহা অঞ্চলটোৰ শ শ কৃষক এতিয়া অনিশ্চিত ভৱিষ্যতক লৈ শংকিত হৈ পৰিছে ৷ কৃষকসকলে লকডাউনৰ আগে আগে আলুসমূহ চপোৱাৰ কার্য শেষ কৰে যদিও সম্প্রতি কেতবোৰ অঞ্চলত ফলে–ফুলে জাতিষ্কাৰ হৈ থকা ৰঙালাউৰ পথাৰবোৰ এফালৰ পৰা জহি–খহি যোৱাৰ মর্মান্তিক দৃশ্যই  ব্যথিত কৰি তুলিছে কৃষকক ৷

উল্লেখ্য যে অঞ্চলটোৰ খেতিপথাৰত লমা–লমে লাগি থকা ৰঙালাউসমূহ পূৰঠ হৈ এতিয়া গছতে পকি গেলি–পচি গৈছে ৷ একাধিক অঞ্চলত সম্প্রতি বিঘাই বিঘাই খেতি নষ্ট হৈ পৰিছে ৷ দুর্ভাগ্যজনক কথা যে বজাৰত বিক্রী কৰি ধন আহৰণ কৰাৰ সময়তে দেশত ক’ৰোনাকেন্দ্রিক তলাবন্ধই সকলো শেষ কৰি নিলে ৷ কৃষি কার্যৰ ফচল বিক্রী কৰিবলৈ নাপাওঁতেই বজাৰ বন্ধ  হৈ পৰাত গছতে ফচলবোৰ পূৰঠ হ’বলৈ আৰম্ভ কৰে ৷ অৱশেষত সেই ফচলবোৰ এটা সময়ত গেলি–পচি যাবলৈ আৰম্ভ কৰে ৷ যিটো সময়ত অঞ্চলটোৰ কৃষকসকলে উৎপাদন কৰা আলু, ৰঙালাউ গুৱাহাটী, যোৰহাট, হাৰমতীৰ  আদি ঠাইলৈ ৰপ্তানি কৰি বজাৰ দখল কৰিছিল সেই সময়তে এতিয়া এই ভয়াৱহ অৱস্থাই চিন্তিত কৰিছে কৃষকক ৷ ইফালে  সমষ্টিটোৰ বিধায়ক তথা ৰাজ্যৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রী নৱ কুমাৰ দলেই এই জটিল সন্ধিক্ষণত  দুর্ভগীয়া কৃষকসকলৰ খবৰ নোলোৱাত প্রতিক্রিয়াৰ সৃষ্টি হৈছে তেওঁলোকৰ  মাজত ৷ আনহাতে উৎপাদিত ফচলসমূহ বিক্রীৰ ব্যৱস্থা কৰিবলৈ কৃষিমন্ত্রী অতুল বৰাক আহ্বান জনাইছে কৃষকসকলে ৷

You might also like