ঢাকাত অসমৰ বস্ত্ৰ প্ৰদৰ্শনীত ভিৰ ২ কোটিৰ অসমীয়া বস্ত্ৰৰ অৰ্ডাৰ বাংলাদেশৰ
নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ বাংলাদেশত অসমৰ পৰম্পৰাগত বস্ত্রৰ চাহিদা বাঢ়িছে৷ এই কথা প্রমাণ পোৱা গ’ল ঢ়াকাত অনুষ্ঠিত চাৰিদিনীয়া অসমৰ বস্ত্র প্রদর্শনী এক্সপ’ত৷ বৃহস্পতিবাৰৰ শেষৰ দিনা অসমৰ থলুৱা বস্ত্র প্রদর্শনীত যথেষ্ট ভিৰ পৰিলক্ষিত হয়৷ মঙলবাৰৰ পৰা আৰম্ভ হোৱা এই বস্ত্র প্রদর্শনীত বাংলাদেশৰ ব্যৱসায়ীয়ে ২ কোটিৰো অধিক টকাৰ অসমীয়া পৰম্পৰাগত বস্ত্রৰ অর্ডাৰ দিয়ে৷ অসম হস্ততাঁত আৰু বস্ত্রশিল্প সঞ্চালকালয়ে আয়োজন কৰা ইণ্টাৰনেচনেল হেণ্ডলুম এক্সপ’ত মুঠ ১৪টা ষ্টলত অসমীয়া থলুৱা বস্ত্র প্রদর্শন কৰা হৈছিল৷ এই এক্সপ’ অনুষ্ঠিত হৈছিল ঢ়াকাৰ হোটেল পূর্বানিত৷ যোৱা মঙলবাৰে এই বস্ত্র প্রদর্শনীৰ শুভ উদ্বোধন কৰিছিল অসম হেণ্ডলুম আৰু টেক্সটাইলৰ আয়ুক্ত গৌৰৱ বুতৰাই৷ অসম হেণ্ডলুম আৰু টেক্সটাইলৰ পৰিচালক কবিতা ডেকাসহ পৰিচালক মুক্তা নাথ শইকীয়া, সম্পাদক পুলক মহন্ত, গিৰেন সৰকাৰসহ অসম চৰকাৰৰ বিভিন্ন বিষয়া আৰু উদ্যোক্তাসকল উপস্থিত আছিল৷ এই এক্সপ’ত অসমৰ পৰম্পৰাগত মেখেলা–চাদৰ, গামোচা, চেলেং চাদৰ, এৰী, ৰেচমকে ধৰি ৰেডিমেড বিভিন্ন বস্ত্র, জেকেট আৰু কোট প্রদর্শন কৰা হয়৷ আজি এক্সপ’ৰ সামৰণিৰ দিনা অসমৰ অংশগ্রহণকাৰী চাৰিজন উদ্যোক্তাক প্রমাণ–পত্র দিয়া হয়৷