নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢেকীয়াজুলিত দিব্যাংগ কিশোৰৰ উদ্ভাৱনী চমক

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ ঢেকীয়াজুলিৰ এগৰাকী দিব্যাংগ কিশোৰৰ উদ্ভাৱনী শক্তিয়ে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । আনুষ্ঠানিক শিক্ষা নথকা মুখেৰে মাত দিব নোৱাৰা এইগৰাকী দিব্যাংগ কিশোৰ দুলেশ্বৰ সতনামীয়ে আৱিষ্কাৰ কৰিলে এখন যন্ত্ৰচালিত চাইকেল ।

শোণিতপুৰ জিলাৰ শ্বহীদ নগৰী ঢেকীয়াজুলিৰ অতি পিছপৰা বাঁহবেৰা গাঁৱৰ এইগৰাকী অনুসন্ধিৎসু কিশোৰে চাৰিটা বেটাৰী, এটা মটৰ, এডাল চেইন, এক্সিলেটৰ, লাইট সকলো সংযোগ কৰি দুমাহ সময়ৰ ভিতৰত নিৰ্মাণ কৰি উলিয়াইছে এইখন চাইকেল ।

চাইকেলখনত সংযোগ কৰা বেটাৰীত চাৰ্জ দিলেই এখন স্কুটী বা মটৰ চাইকেলৰ সমান দূৰন্ত গতিত যাব পাৰে চাইকেলখন । বেটাৰী চাৰ্জ কৰি এক্সিলেটৰ এৰি দিলেই ঘণ্টাত ২০ কিলোমিটাৰ বেগত যাব পাৰে এইখন চাইকেল । চাইকেলখন চলাই টিকটক, লাইকি ভিডিঅ’ আদিত নিজৰ এই সৃষ্টিৰাজি দেখুৱাই ইতিমধ্যে ছ’চিয়েল মিডিয়াটো ভাইৰেল হৈ পৰিছে যুৱকজন ।

You might also like