নিয়মীয়া বার্তা, ৩ মার্চঃ তিনিচুকীয়া চহৰত সোমবাৰে দিন–দুপৰতে সংঘটিত হয় এটা লোমহর্ষক হত্যাকাণ্ড ৷ চহৰখনৰ বৰপথাৰ এলেকাৰ দাসপাৰাত সংঘটিত হয় ঘটনাটো ৷ দীর্ঘদিন ধৰি বনকৰা যুৱতী ৰূপে কর্মৰত মায়া নামৰ যুৱতীগৰাকীয়ে সংঘটিত কৰে এই হত্যাকাণ্ড ৷ জানিব পৰা মতে, নমিতা চৌধুৰী (৮০) নামৰ বৃদ্ধা গৃহস্থগৰাকীক মায়াই শাক–পাচলি কটা চোকা কটাৰীৰে আক্রমণ কৰাত নমিতা চৌধুৰীৰ থিতাতে মৃত্যু হয়৷ পিছত গা ধোৱা কোঠাত সোমাই গুৰুতৰভাৱে আহত কৰে ভগ্নী সুমিতা ভট্টাচার্য (৭৭)ক৷ হত্যাকাণ্ডটো দেখা পাই সুমিতা ভট্টাচার্যই হুলস্থূল কৰাত হত্যাকাৰী মায়াই পলায়ন কৰে৷ আনহাতে, ওচৰ–চুবুৰীয়া গোট খাই আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্রাপ্তগৰাকীক চিকিৎসালয়লৈ প্রেৰণ কৰাৰ লগতে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, সোমবাৰে হঠাৎ মায়াৰ সৈতে বাক্-বিতণ্ডাত লিপ্ত হোৱাৰ কাৰণেই হত্যাকাণ্ডটো সংঘটিত হৈছে৷ ঘৰখনত দীর্ঘদিনৰ পৰাই দুই ভগ্ণীয়ে বাস কৰি আহিছে৷ মৃত মহিলাগৰাকীৰ দুই পুত্র আৰু এগৰাকী বিবাহিত জীয়ৰী আছে যদিও কর্মসূত্রে নিলগত থাকে৷ বনকৰা যুৱতীগৰাকীৰ ঘৰ তিনিচুকীয়া গুইজানত৷ কি কাৰণত দীর্ঘদিন ধৰি কাম কৰি থকা বনকৰা যুৱতীগৰাকীয়ে দুগৰাকী বৃদ্ধাক এইদৰে আক্রমণৰ লক্ষ্য কৰি ল’লে, এই সন্দর্ভত ইতিমধ্যে তিনিচুকীয়া সদৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷