তিনিচুকীয়াত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুকলি বিহু উদযাপন
- মুখপত্ৰ গতি উন্মোচন আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ
নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিল:- বিগত বৰ্ষসমূহৰ দৰেই এইবৰ্ষও অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত অৰ্থাৎ ১ বহা’গ শনিবাৰে তিনিচুকীয়া চহৰৰ বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুকলি বিহু দিনযোৰা কায্যসূচীৰে অতি উলহমালহেৰে পালন কৰে ৷ সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহায়ে আঁত ধৰা কায্যসূচীত আৰম্ভণিতে সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰাজা বালিমৰাই আৰু কেন্দ্ৰীয় মুকলি বিহুৰ পতাকা উত্তোলন কৰে তিনিচুকীয়াৰ সমাজকৰ্মী প্ৰাঞ্জল ম’হনে ৷ তাৰ পাছতে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহায়ে শ্বহীদ তৰ্পণ কৰাৰ লগতে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মিলন বুঢ়াগোহাঁই, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপ সভাপতি কণ গগৈ, সহকাৰী সাধাৰণ সম্পাদক সুৰজিৎ মৰাণ, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণ, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক স্বৰূপ গোঁহায়কে আদি কৰি তিনিচুকীয়াৰ ভালেসংখ্যক বিভিন্ন দল-সংগঠনৰ নেতৃত্ব, গণ্যমান্য ব্যক্তি, সন্মানীয় ব্যক্তিক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে শ্বহীদ তৰ্পণ কায্যসূচীত অংশগ্ৰহণ কৰে ৷
দ্বিতীয় কায্যসূচী হিচাপে পানীতোলা বৰনামঘৰৰ ভকত গোপিনীসকলক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি ছাত্ৰ সন্থাৰ সদস্যসকলে আশীৰ্বাদ গ্ৰহণ কৰি গায়ন-বায়ন পৰিবেশন কৰাৰ পাছতে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই মুখপত্ৰ গতি উন্মোচন আৰু মুকলি বিহু শুভাৰম্ভ কৰে ৷ তাৰ পাছতে তিনিচুকীয়া জিলাখনৰ মৰাণ, মটক, মিছিং, চেমনীয়া হুচৰি, কিশোৰী হুচৰি, জেং বিহু, সোণোৱাল কছাৰীৰ লেচেৰি নৃত্যকে আদি কৰি অৰ্ধশতাধীক বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলেৰে মুকলি বিহু কায্যসূচী পৰিবেশন কৰে ৷ পৰৱৰ্তী সময়ত চনী টিভি ৰ কুকিং ৰিয়েলিটি শ্ব’ মাষ্টাৰ চেফ্ ইণ্ডিয়াত জয়ী তিনিচুকীয়া গোবিন্দপুৰৰ নয়নজ্যোতি শইকীয়াক তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই সম্বৰ্ধনা জনাই আৰু কাকপথাৰ উবন গাঁৱৰ মৰাণ জনগোষ্ঠীৰ কলা-সংস্কৃতিৰ সাধক জিতু গোস্বামীক শিল্পীপ্ৰাণ বঁটাৰে সম্বৰ্ধিত কৰে ৷ শেষৰ কায্যসূচী হিচাপে তেজপুৰীয়া থেচপিয়ান দলৰ সাংস্কৃতিক কায্যসূচী পৰিবেশন কৰাৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী নিলাভ নীতা, দিগন্ত গোঁহাই আৰু বৰ্ষনা চেতিয়াৰ সংগীতানুষ্ঠানেৰে কেন্দ্ৰীয় মুকলি বিহুৰ সামৰণি মাৰে ৷
উক্ত কেন্দ্ৰীয় মুকলি বিহু উদযাপনৰ কাৰণে প্ৰতিটো ক্ষণত সহায়সহযোগিতা আগবঢ়োৱা প্ৰতিগৰাকী শুভাকাংক্ষী আৰু তিনিচুকীয়াবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা সত্য বৰগোহাঁই, সভাপতি উদ্দীপ বৰপাত্ৰ, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক তন্ময় গগৈয়ে ৷
প্ৰেৰক:-বিবেক বড়া