নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰত চলিছে প্রতিবাদী কণ্ঠ ৰোধৰ চক্রান্ত

ক্ষুব্ধ আছু কর্মীয়ে জবাবদিহি কৰিলে আৰক্ষী বিষয়াক

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ তেজপুৰ আৰক্ষীয়ে নিৰপৰাধ একাংশ আছু নেতা–কৰ্মীৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে বুলি অভিযোগ কৰিছে ছাত্র সংগঠনটোৱে ৷ শুকুৰবাৰে বিয়লি আছুৰ একাংশ নেতা–কৰ্মী আৰক্ষীৰ দমন নীতিৰ বিৰুদ্ধে ওলাই আহি তেজপুৰ সদৰ থানাত সজোৰে প্রতিবাদ সাব্যস্ত কৰে ৷ আছুৰ প্রতিনিধি দলটোৱে তেজপুৰ সদৰ থানাৰ প্রভাৰী বিষয়াগৰাকীক জবাবদিহি কৰি আছু নেতা–কৰ্মী ঘৰলৈ গৈ নিশা আৰক্ষীয়ে অভিযান চলোৱা আৰু দুই–এক কৰ্মীক আটক কৰি এৰি দিয়া ঘটনা সন্দর্ভত প্রশ্ন কৰে ৷ বিষয়াগৰাকীক আছু কৰ্মীয়ে সকীয়াই দি কয় যে গণতান্ত্রিকভাৱে সংগ্রাম অব্যাহত ৰখা আছু কৰ্মীক যাতে ভৱিষ্যতে হাৰাশাস্তি কৰাৰ পৰা বিৰত থাকে ৷

উল্লেখ্য যে তেজপুৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি অৰূপ তালুকদাৰৰ বাসগৃহত বৃহস্পতিবাৰে নিশা কোনো অচিনাক্ত যুৱকৰ দলে গৈ তালুকদাৰৰ পিতৃক ভাবুকি দিয়াৰ লগতে পুত্রগৰাকীয়ে যাতে আছুৰ আন্দোলনত জড়িত নহয়, তাৰ বাবে সকীয়াই দিয়ে ৷ অন্যথা তেওঁলোকৰ ঘৰ জ্বলাই দিয়া হ’ব বুলিও ভাবুকি দিয়ে বুলি অভিযোগ কৰিছে অৰূপ তালুকদাৰে ৷ ইফালে, এগৰাকী আছু কৰ্মীক আৰক্ষীয়ে আটক কৰি পিছত মুকলি কৰি দিয়ে যদিও কেইবাগৰাকীও ছাত্রক বিচাৰি আৰক্ষীয়ে হাৰাশাস্তি চলাই অহাৰ অভিযোগ কৰিছে আছু নেতা–কৰ্মীয়ে ৷ ইয়াকে লৈ শুকুৰবাৰে আছুৰ কেন্দ্রীয় কার্যনির্বাহক ক্রমে নিতুল বৰা আৰু পৰিস্মিতা বৰাৰ লগতে শোণিতপুৰ জিলাৰ সম্পাদক মনোজ দাস, তেজপুৰ আঞ্চলিকৰ সভাপতি অৰূপ তালুকদাৰ, সম্পাদক দেৱাঞ্জন পাঠকৰ লগতে বহুসংখ্যক আছু কৰ্মীয়ে তেজপুৰ সদৰ আৰক্ষী থানাত উপস্থিত হৈ এই কাণ্ডৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷

আছু নেতা নিতুল বৰাই সাংবাদিকৰ আগত কয় যে আছুৰ লগতে ৩০টা জনগোষ্ঠীয় ছাত্র সংগঠনৰ নেতৃত্বত সমগ্র ৰাজ্যৰ লগতে তেজপুৰতো নাগৰিকত্ব আইনৰ বিৰুদ্ধে বিগত দিনকেইটাত গণতান্ত্রিকভাৱে আৰু শান্তিপূর্ণভাৱে আন্দোলন অব্যাহত ৰাখিছে ৷ তেনে সময়তে তেজপুৰ আঞ্চলিকৰ সভাপতিৰ ঘৰত বৃহস্পতিবাৰে নিশা প্রায় ৯খন মটৰচাইকেলেৰে অহা অচিনাক্ত যুৱকে ত্রাস সৃষ্টি কৰাৰ লগতে ভাবুকি প্রদান কৰাটো অতি আশ্চর্যকৰ কথাই নহয়, নিন্দনীয়ও ৷ ইয়াৰ সমান্তৰালকৈ তেজপুৰ আৰক্ষীয়েও বৃহস্পতিবাৰে নিশাৰে পৰা একাংশ আছু কৰ্মী ঘৰত গৈ অভিযান চলোৱা ঘটনাও গৰিহণাযোগ্য ৷ শান্তিপূর্ণভাৱে আন্দোলন অব্যাহত ৰখাৰ পিছতো যদি আছুৰ নেতা, বিষয়া–কৰ্মী ওপৰত এইদৰে নির্যাতন চলোৱা হয়, তেন্তে শান্তিপূর্ণ কার্যসূচীৰ কথা পাহৰি হয়তো জংগী আন্দোলনৰ কার্যসূচী ল’বলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে ৷

আনহাতে, জিলা সম্পাদক মনোজ দাসে কয় যে তেজপুৰীয়া সংগ্রামী ৰাইজক দমন কৰিবলৈ বিচাৰিছে যদি তেওঁলোকে ভুল কৰিছে ৷ ‘কা’ বাতিল নোহোৱা পর্যন্ত আছুৱে আন্দোলন কৰি আছে আৰু কৰি যাব ৷ আছু নেতা অৰূপ তালুকদাৰৰ ঘৰত যোৱানিশা ত্রাস সৃষ্টি কৰা গুণ্ডা বাহিনীক শীঘ্রে গ্রেপ্তাৰ কৰিবলৈ আৰক্ষীক দাবী জনায় আছু নেতাগৰাকীয়ে ৷

You might also like