নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰ বিশ্ববিঃৰ সপ্তদশ সমাৱর্তনত ১,২৭৫ শিক্ষার্থীক ডিগ্রী–ডিপ্ল’মা প্রদান

বৃহৎ শিক্ষা ব্যৱস্থাৰে বিশ্বৰ ভিতৰতে দ্বিতীয় স্থান ভাৰতৰ : ইউজিচিৰ অধ্যক্ষ ধীৰেন্দ্র পাল সিং

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ দেশৰ প্রায় এহেজাৰখন ডিগ্রী প্রদানকাৰী প্রতিষ্ঠান আৰু ৫০ হাজাৰ মহাবিদ্যালয়, ১৫ লাখগৰাকী বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু কলেজ শিক্ষকৰ লগতে ৩ কোটি ৭০ লাখ শিক্ষাথ্ৰে দেশৰ বৃহৎ শিক্ষা ব্যৱস্থাই বিশ্বৰ ভিতৰতে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ ক্রমান্বয়ে অগ্রগতি লাভ কৰা তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা গ্রহণ কৰি শিক্ষাৰ্থীকলে দেশ–বিদেশত সংস্থাপন লাভ কৰি বিভিন্ন বিষয়ত বিশেষ অৰিহণা আগবঢ়াবলৈ সক্ষম হৈছে ৷ – সোমবাৰে তেজপুৰ বিশ্ববিদ্যালয়ত সপ্তদশ সমাৱর্তনত এই মন্তব্য কৰে বিশিষ্ট শিক্ষাবিদ তথা বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ ধীৰেন্দ্র পাল সিঙে ৷ ‘সেৱা আগবঢ়োৱাৰ ডদ্দেশ্যে আহি শিক্ষা গ্রহণ কৰা’ এই মূলমন্ত্র তেজপুৰ বিশ্ববিদ্যালয়ৰ ক্ষেত্রত সমার্থক হৈছে বুলি মন্তব্য কৰি তেজপুৰ বিশ্ববিদ্যালয়খনত বর্তমানে শিক্ষা গ্রহণ কৰি থকা মুঠ ৪,১২৯গৰাকী শিক্ষাৰ্থীৰ ১,৭১৩গৰাকী ছাত্রী ৷ অর্থাৎ ছাত্রীৰ সংখ্যা ৪২ শতাংশলৈ বৃদ্ধি পোৱাটো আশাব্যঞ্জক বুলি বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষগৰাকীয়ে উল্লেখ কৰি এই উচ্চ শিক্ষানুষ্ঠানখনে ইতিমধ্যে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত বিভিন্ন বিষয়ত শীর্ষ স্থান লাভ কৰাটো অতি উৎসাহজনক বুলি মন্তব্য কৰে ৷

শিক্ষাৰ্থীসকলক উদ্দেশ্যি আগবঢ়োৱা বক্তব্যত শিক্ষাবিদ সিঙে দেশৰ দায়িত্বশীল নাগৰিক হিচাপে কর্তব্য পালন কৰিবলৈ আহবান জনোৱাৰ লগতে অনাগত দিনবোৰত নিজৰ জীৱন পথত আহিব লগা প্রত্যাহবানসমূহ আত্মবিশ্বাসেৰে সন্মুখীন হ’ব লাগিব বুলি মন্তব্য কৰে ৷ উপাচার্য প্রফেছৰ বিনোদ কুমাৰ জৈনে আগবঢ়োৱা আদৰণী ভাষণত ২১ জানুৱাৰী, ১৯৯৪ চনত প্রতিষ্ঠা লাভ কৰা তেজপুৰ বিশ্ববিদ্যালয়ে বিগত ২৫টা বর্ষৰ শৈক্ষিক পৰিক্রমাৰ মাজেৰে সম্প্রতি ৭৩টা শৈক্ষিক আঁচনি বিভিন্ন বিভাগৰ জৰিয়তে ৰূপায়ণ কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে ৷ সাহিত্য অকাডেমি বঁটাপ্রাপক বিশিষ্ট সাহিত্যিক গীতা উপাধ্যায়, একাংশ স্থানীয় বিশিষ্ট নাগৰিকৰ লগতে উচ্চ শিক্ষানুষ্ঠানখনৰ শিক্ষাগুৰু আৰু শিক্ষাৰ্থীসকল উপস্থিত থকা এই সমাৱর্তন সমাৰোহত বিশ্ববিদ্যালয়খনৰ আচার্য তথা ৰাজ্যপাল জগদীশ মুখীয়ে অংশগ্রহণ কৰি ভাষণ প্রসংগত কয় যে জ্ঞানৰ উৎকর্ষ সাধন আৰু মানৱ সম্পদেৰে ৰাষ্ট্র নির্মাণৰ উদ্দেশ্যে ঐতিহাসিক অসম চুক্তিৰ ফলত তেজপুৰ বিশ্ববিদ্যালয় প্রতিষ্ঠা লাভ কৰিছিল, যাতে আঞ্চলিক আশা–আকাংক্ষাৰ সংমিশ্রনেৰে ৰাষ্ট্রীয় দর্শনৰ উন্মেষ ঘটাব পাৰি ৷ অসমবাসীৰ এই স্বপ্ন বাস্তৱায়িত কৰাৰ উদ্দেশ্যে বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগৰ গুৰুত্ব সর্বাধিক ৷ তেওঁ কয় যে অধিক গৱেষণাৰে অসমীয়া ভাষা–সাহিত্য–সংস্কৃত্ বিকাশ সাধনত এই বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগটোৱে গুৰুত্ব প্রদান কৰিব ৷

উল্লেখ্য যে ৰাজ্যখনৰ পৰিধি অতিক্রম কৰি দেশ–বিদেশতো সুনাম অর্জন কৰিবলৈ সক্ষম হোৱা তেজপুৰ কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ সপ্তদশ সমাৱর্তন এক গাম্ভীর্যপূর্ণ অনুষ্ঠানেৰে সম্পন্ন হয় ৷ বিশ্ববিদ্যালয়খনৰ কলাগুৰু বিষুপ্রসাদ ৰাভা প্রেক্ষাগৃহত আয়োজন কৰা এই সমাৱর্তনখনত সভাপতিত্ব কৰে ৰাজ্যপাল তথা আচার্য প্রফেছৰ জগদীশ মুখীয়ে ৷ সভাপতিৰ আসনৰ পৰা আগবঢ়োৱা ভাষণত আচার্যগৰাকীয়ে কয় যে স্বৰাজোত্তৰ পাছত ভাৰতবর্ষৰ অর্থনৈতিক বিকাশ, সামাজিক ডন্নয়ন আৰু ৰাজনৈতিক স্থিৰতাৰ ক্ষেত্রত উচ্চশিক্ষা ব্যৱস্থাই বিশেষ অৰিহণা আগবঢ়াই আহিছে ৷ এখন বিশ্ববিদ্যালয়ৰ সফলতা উচ্চ মানৰ গৱেষণা, উন্নয়নমূলক কাম–কাজ আৰু কৃতী শিক্ষাৰ্থী সৃষ্টি কৰাৰ ওপৰত নির্ভৰ কৰে ৷ এইক্ষেত্রত তেজপুৰ বিশ্ববিদ্যালয় সফল হোৱা বুলি মন্তব্য কৰি আচার্য জগদীশ মুখীয়ে শিক্ষানুষ্ঠানখনৰ শৈক্ষিক পৰিক্রমা আৰু ব্যৱস্থাপনাৰ ওপৰত সংক্ষেপে আলোকপাত কৰে ৷ প্রসংগক্রমে ছাত্র–ছাত্রীসকলক উদ্দেশ্যি ৰাজ্যপালগৰাকীয়ে শিক্ষাই সঁচা অর্থত চাৰিওকাষে আৱৰি থকা পৰিৱেশৰ মাজেৰে আগবাঢ়ি যাবলৈ শিকায় বুলি উল্লেখ কৰি দেশক সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায় ৷

ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাই তেজপুৰ বিশ্ববিদ্যালয়ৰ বাবে কথা আৰু সুৰেৰে ৰচনা কৰা ‘অগ্নিগড়ৰ স্থাপত্য, কলিয়াভোমোৰাৰ সেতু নির্মাণ/জ্ঞান জ্যোতির্ময়/সেহি স্থানতে বিৰাজিছে তেজপুৰ বিশ্ববিদ্যালয়…’ শীর্ষক থীম ছং ছাত্র–ছাত্রীৰ দ্বাৰা পৰিৱেশনেৰে শুভাৰম্ভ হোৱা সপ্তদশ সমাৱর্তন সমাৰোহখন আনুষ্ঠানিকভাৱে মুকলি কৰে আচার্য জগদীশ মুখীয়ে ৷ উল্লেখ্য যে এই সমাৰোহত মুঠ ১,২৭৫গৰাকী ছাত্র–ছাত্রীক ডিগ্রী আৰু ডিপ্ল’মা প্রদান কৰা হয় ৷ ৮২গৰাকীক পি এইচ ডি, ৭৪৯গৰাকীক স্নাতকোত্তৰ ডিগ্রী, ৪০২গৰাকীক বিভিন্ন বিষয়ত স্নাতক, ৪২গৰাকীক পি জি ডিপ্ল’মা আৰু ডিপ্ল’মা ডিগ্রী প্রদান কৰাৰ লগতে বিভিন্ন বিষয়ত সর্বোচ্চ নম্বৰ লাভ কৰা ৪৬গৰাকী কৃতী শিক্ষাৰ্থীক সোণৰ পদক প্রদান কৰা হয় ৷ এই শিক্ষাৰ্থীস কলক শপত বাক্য পাঠ কৰোৱাৰ পাছতে ৰাষ্ট্রীয় সংগীতেৰে সমাৱর্তন সমাৰোহখন সামৰণি পৰে ৷

You might also like