নিয়মীয়া বাৰ্তা, ৩ মে’ : বিটিচিত ৰাজ্যপালৰ শাসন প্রৱর্তনৰ পাছত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দল সংঘাতিক ধৰণে নাৰাজ হৈ পৰিছে ৷ ৰাজ্যপালৰ শাসনক অসাংবিধানিক আখ্যা দি দলটোৱে ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰিছে৷ অঞ্চলটোত ৰাজ্যপালৰ শাসন প্রৱর্তনৰ সম্পর্কত বিপিএফ নেতৃত্বই ইতিমধ্যে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে মহিলাৰী নেতৃত্বাধীন বিটিচি চৰকাৰৰ কার্যকাল বৃদ্ধিৰ বাবে ৰাজ্যপাললৈ দুবাৰ প্রস্তাৱ প্রেৰণ কৰাৰ পাছতো ৰাজ্যপালে সেই প্রস্তাৱ অগ্রাহ্য কৰাৰ অভিযোগ কৰি আহিছে ৷ একে সময়তে বি পি এফৰ নেতৃত্বৰ মাজত বর্তমানৰ মিত্রদল বিজেপি আৰু পূর্বৰ মিত্রদল কংগ্রেছৰ ক্ষেত্রত কাৰ পৰা কেনেদৰে গুৰুত্ব লাভ কৰিছিল, সেই বিশ্লেষণো আৰম্ভ হৈছে ৷
দলটোৰ কার্যকৰী সভাপতি, ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ ভাষ্যতেই প্রকাশ পাইছে সেই বিশ্লেষণ ৷ সংবাদ মাধ্যমৰ আগত দৈমাৰীয়ে পূর্বৰ মিত্রদল কংগ্রেছৰ নেতা তথা প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ প্রশংসাত পঞ্চমুখ হৈ পৰা দেখা গৈছে ৷ সাংসদ দৈমাৰীয়ে প্রকাশ কৰা মতে, কংগ্রেছৰ সৈতে তেওঁলোকৰ মিত্রতা থকা অৱস্থাত গগৈয়ে সদায় তেওঁলোকৰ পক্ষত অৱস্থান লৈ আহিছিল ৷ সেই সময়তো কংগ্রেছৰ দুই–চাৰিজন নেতাই বি পি এফৰ বিৰুদ্ধাচৰণ কৰিছিল যদিও গগৈ নিজৰ স্থিতিত অটল আছিল ৷ আনকি বিটিচি নির্বাচনৰ সময়ত গগৈয়ে কংগ্রেছৰ হৈ কোনো প্রচাৰ কার্যতো অংশগ্রহণ কৰা নাছিল ৷ দৈমাৰীয়ে লগতে বিটিচিত বিপিএফ এটা শক্তিশালী ৰাজনৈতিক শক্তি বুলি উল্লেখ কৰি কয় যে অসমত চৰকাৰ গঠনত বিপিএফে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে ৷ প্রতিটো বিধানসভা নির্বাচনতে বিপিএফে অঞ্চলটোৰ পৰা ১০–১২খন আসনত জয়ী হৈ অহাৰ লগতে বিটিচিৰ বাহিৰতো এনে বহু সমষ্টি আছে, য’ত বি পি এফৰ নিয়ন্ত্রণত আছে৷ কাৰণ সেইবোৰ সমষ্টিত দুই হাজাৰৰ পৰা ২০–২৫ হাজাৰ বড়ো ভোটাৰ আছে ৷ বড়ো জনগোষ্ঠীৰ শক্তিশালী দল হিচাপে সেইবোৰ সমষ্টি বিপিএফৰ ওপৰতে নির্ভৰশীল বুলিব পাৰি । বিপিএফৰ কার্যকৰী সভাপতি দৈমাৰীৰ সেই ভাষ্যৰ পাছতেই ৰাজনৈতিক মহলত আৰম্ভ হৈছে নতুন চর্চা ৷ বিজেপিৰে অংক নিমিলিলে বিধানসভা নির্বাচনৰ আগে আগে বিপিএফে পুনৰ কংগ্রেছৰ সংগী হ’বলৈ আগবাঢ়িব নেকি তাকলৈও ৰাজনৈতিক মহলত হিচাপ–নিকাচ আৰম্ভ হৈছে৷ এইক্ষেত্রত বিৰোধী দলপতি দেৱব্রত শইকীয়াই সকলো সময়তে শাসনৰ গাদীত থাকিব নালাগে, বিৰোধীৰ আসনতো বহিব লাগে বুলি হাগ্রামা মহিলাৰীক জনোৱা আহ্বানে বিশেষ তাৎপর্য বহন কৰিছে৷