নিয়মীয়া বার্তা,১৩ মার্চঃ বিটিচি নির্বাচনৰ দিন ঘোষণা কৰাৰ পিছত সমগ্র বিটিচি অঞ্চলত শাসক–বিৰোধীয়ে নির্বাচনী প্রচাৰ তুংগত তুলিছে৷ বৃহস্পতিবাৰে গোসাঁইগাঁৱৰ তুলসীবিলত ইউ পি পি এলৰ এখন নির্বাচনী সভা অনুষ্ঠিত হয়৷ সভাত অন্যান্য ৰাজনৈতিক দলৰ দুই শতাধিক নেতা–কর্মীয়ে দলটোত যোগদান কৰে৷ ইউ পি পি এলৰ সভাপতি প্রমোদ বডোৱে তেওঁলোকক ফুলাম গামোচাৰে আদৰি লয় আৰু কয়– মানুহে পৰিৱর্তন বিচাৰিছে৷ কিন্তু সঠিক সিদ্ধান্ত লোৱাত ভুল হোৱাৰ বাবে বিগত ১৭ বছৰত কোনো পৰিৱর্তন নহ’ল৷ এইবেলি বিটিচিৰ শ্রীৰামপুৰৰ পৰা পাঁচনৈ ছেৰফাঙলৈ পৰিৱর্তনৰ ঢৌ উঠিছে৷ এই পৰিৱর্তন ৰাইজ আৰু ইউ পি পি এলৰ সহায়ত হ’ব সেয়া নিশ্চিত৷ এতিয়া আৰু কোনো সংগঠন অস্ত্র৷ এক ঐতিহাসিক চুক্তি স্বাক্ষৰ কৰি ইয়াৰ অৱসান ঘটোৱা হৈছে৷ সভাপতিগৰাকীয়ে নির্বাচনী সভাত অংশগ্রহণ কৰি ভাষণত আকৌ কয় যে এতিয়া শান্তি হ’ল, হিংসামুক্ত সমাজ হ’ল৷ সাধাৰণ ৰাইজে নিৰাপদে ঘূৰি ফুৰিব পাৰিছে৷ বিটিআৰ চুক্তি অনুসৰি স্কুল, কলেজ, বিশ্ববিদ্যালয় স্থাপন কৰাৰ উপৰি অন্যান্য সকলো আঁচনিৰ সুবিধা লাভ কৰিব৷ বিটিআৰত কোনো ভূমিৰ অধিকাৰ নাথাকিব বুলি যি প্রচাৰ হৈছে, সেয়া সম্পূর্ণ মিছা৷ কাৰণ প্রতিজন নাগৰিকৰ ভূমি, সংস্কৃতি, খাদ্য, সামাজিক, ৰাজনৈতিক আদি কৰি সকলো অধিকাৰ থাকিব৷ ইয়াত কোনো সন্দেহ নাই৷ বিগত সময়ছোৱাত বিটিচি অঞ্চলত কোনো উন্নতি নকৰিলে শাসক দলে৷ সকলো জাতি–জনগোষ্ঠীক সর্বদিশতে বঞ্চিত কৰি আহিছে৷ মহিলা, ছাত্র আদি কৰি কাৰো পৰিৱর্তন আৰু উন্নতি সাধন নহ’ল৷ গতিকে এইবেলি পৰিৱর্তন নিশ্চিত আৰু সেয়া ইউ পি পি এলৰ নেতৃত্বত হ’ব৷ তেওঁ কয়– অহা দুই দিনৰ ভিতৰতে দলীয় প্রার্থীৰ তালিকা ঘোষণা কৰা হ’ব৷ এতিয়াৰ পৰা ই এম, জি এমৰ কোনো দাদাগিৰি নাথাকিব৷ ৰাইজে ইয়াৰ মূল হ’ব৷ ৰাইজে যি বিচাৰিব সেয়াই আঁচনিৰ জৰিয়তে কৰা হ’ব৷ শাসক দলে নির্বাচনী বৈতৰণী পাৰ হ’বলৈ প্রতিটো আত্মসহায়ক গোটক পাঁচ হাজাৰকৈ টকা দিব বুলি কৈছে৷ কিন্তু ইউ পি পি এলে বিটিচি নির্বাচনৰ পিছত চৰকাৰ গঠন কৰি ৭৫ হাজাৰকৈ টকা দিয়া হ’ব৷ একেখন নির্বাচনী সভাৰ পিছত বডো আকৌ কয় যে ঢ়ালিগাঁও থানাৰ ভিৰেনগাঁৱত ইউ পি পি এলৰ কার্যালয়ত দুর্বৃত্তই আক্রমণ কৰে৷ ইউ পি পি এলে ঘটনাৰ উপযুক্ত তদন্ত বিচাৰে আৰু নির্বাচনত যাতে কোনো হিংসাত্মক ঘটনা সংঘটিত নহয়, তাৰ বাবে ৰাজ্য চৰকাৰৰ লগতে নির্বাচনী বিষয়াক দাবী জনায়৷ এনে ধৰণৰ ঘটনাত বিটিচিৰ শান্তি–শৃংখলা অটুট নাথাকে৷ যিহেতু বিটিচি অঞ্চলত কোনো উগ্রপন্থী নাই তেনে ক্ষেত্রত এনে হিংসাত্মক ঘটনা হোৱাটো দুখৰ বিষয় বুলিও সাংবাদিকৰ আগত প্রকাশ কৰে৷
শ্রীৰামপুৰত কংগ্রেছত অর্ধশতাধিক যোগদান
অন্যান্য দলৰ দৰে কংগ্রেছেও বিটিচিৰ নির্বাচনৰ বাবে প্রস্তুতি চলাইছে৷ বৃহস্পতিবাৰে গোসাঁইগাঁও মহকুমাৰ শ্রীৰামপুৰস্থিত হাতীধুৰা ব্লক কংগ্রেছৰ কার্যালয়ত দলটোৰ এখন কর্মীসভা অনুষ্ঠিত হয়৷ কোকৰাঝাৰ জিলা কংগ্রেছৰ সম্পাদক নুৰ আলম শ্বেখৰ সভাপতিত্বত অনুষ্ঠিত সভাত এম চি এল এ তথা কোকৰাঝাৰ জিলা কংগ্রেছৰ কার্যকৰী সভাপতি, বিটিচি কংগ্রেছৰ সমন্বয়ক মমিনুৰ ইছলামে বিটিচি নির্বাচনত জয়লাভ কৰিবলৈ দলীয় কর্মীসকলক উদ্যমেৰে কাম কৰিবলৈ আহ্বান জনায়৷ সভাত কোকৰাঝাৰ জিলা কংগ্রেছৰ উপ–সভাপতি সজল সিংহই দলৰ ভেটি মজবুত কৰিবলৈ পৰিশ্রম কৰিব লাগিব বুলি ভাষণত উল্লেখ কৰে৷ সভাত সজল সিংহৰ নেতৃত্বত অর্ধশতাধিক লোকে কংগ্রেছত যোগদান কৰে৷
ভেৰগাঁৱত এনডিএফবিৰ ইউপিপিএলত যোগদান
বৃহস্পতিবাৰে ভেৰগাঁৱৰ খাগ্রাবাৰীত বিপিএফে এটা নির্বাচনী প্রচাৰ কার্যালয় মুকলি কৰে৷ কার্যালয়টো মুকলি কৰে ভেৰগাঁও পৰিষদীয় সমষ্টিৰ এমচিএলএ তথা বিটিচিৰ উপাধ্যক্ষ নেৰচন বডোৱে৷ শতাধিক বিপিএফ কর্মী, সদস্যসকলে অংশ লোৱা মুকলি অনুষ্ঠানত এইবেলি পুনৰ হাগ্রামা মহিলাৰীৰ নেতৃত্বতেই বিপিএফ দলে চৰকাৰ গঠন কৰাটো খাটাং বুলি ভাষণত দাবী কৰে৷ আনহাতে খাগ্রাবাৰী প্রাইমাৰী ইউপিপিএলৰ উদ্যোগত এক যোগদান সভা অনুষ্ঠিত হয়৷ কেন্দ্রীয় যুৱ ইউপিপিএলৰ সাধাৰণ সম্পাদক দাউবাইচা বডোৱে উপস্থিত থকা যোগদান অনুষ্ঠানত এনডিএফবি (পি)ৰ ৪৮গৰাকী সদস্য, প্রাক্তন এনডিএফবি সদস্য ২০গৰাকী, ভিচিডিচিৰ প্রাক্তন সভাপতি ৰতন বডো, বিপিএফৰ নেতা দ্বীপেন বডোসহ ৪৮গৰাকী সদস্য আৰু অন্যান্য দলৰ ৬০গৰাকীতকৈ অধিক কর্মীয়ে ইউপিপিএলত যোগদান কৰে৷ যোগদান অনুষ্ঠানত ইউপিপিএলৰ লগতে এবছুৰ বহু নেতাই অংশ লয়৷
গৰুভাষাত পাঁচ শতাধিক ইউপিপিএললৈঃ ৰুণীখাটাত কুৰি পৰিয়ালৰ বিপিএফত যোগদান
নির্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে বিটিএডিৰ আজি চিৰাং জিলাৰ গৰুভাষাত ইউ পি পি এলে বৃহৎ যোগদান কার্যসূচী অনুষ্ঠিত কৰে৷ গৰুভাষাৰ জে এছ বি সোঁৱৰণী ৰাজহুৱা খেলপথাৰত আয়োজন কৰা ইউ পি পি এলৰ যোগদান কার্যসূচীত দলটোৰ সভাপতি প্রমোদ বডো, প্রাক্তন সাংসদ ইউ জি ব্রহ্ম, এম চি এল এ মাউতি ব্রহ্ম হাজোৱাৰী, ৰণগৌৰা নার্জাৰী প্রমুখ্যে বহু নেতাৰ উপস্থিতিত ৫১৭জন ব্যক্তিয়ে ইউ পি পি এলত যোগদান কৰে৷ যোগদান কৰাসকলৰ ভিতৰত এনডিএফবি (পি)ৰ ২৯৪জন, এনডিএফবি (এছ)ৰ ৪১জন, পিজেএচিবিএমৰ ৯৬জনৰ উপৰি তিনিটা পৰিষদীয় সমষ্টি ক্রমে চিৰাং (এছটি)ৰ ৩৩জন, চিৰাংদুৱাৰ (এছটি)ৰ ১৮জন আৰু কাজলগাঁও (এছটি)ৰ ১৫জন ব্যক্তিয়ে দলটোত যোগদান কৰে৷ একেটা অনুষ্ঠানতে বিপিএফ ত্যাগ কৰি ২০জনকৈ সমর্থকে ইউপিপিএলত যোগদান কৰে৷ আটাইকে ইউপিপিএলৰ শীর্ষ নেতাসকলে একোখনকৈ আৰনাইৰে উষ্ম আদৰণি জনায়৷ বিপিএফ ত্যাগ কৰি ইউপিপিএলত যোগদান কৰাসকলৰ ভিতৰত বি এছ ইউৰ চিৰাং জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক উত্তম বডো অন্যতম বুলি ইউপিপিএলৰ দলীয় সূত্রই প্রকাশ কৰিছে৷ আনহাতে, আজি জিলাখনৰ এনডিএফবিৰ দুয়োটা গোটৰ পৰা দলটোত যোগদান কৰাসকলৰ ভিতৰত বহুকেইজন শীর্ষ পর্যায়ৰ সদস্য আছে বুলিও একেটা সূত্রই প্রকাশ কৰিছে৷ আনহাতে আজি জিলাখনৰ ৰুণীখাটাত প্রায় কুৰিটা পৰিয়ালে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলত যোগদান কৰিছে৷ পৰিয়ালকেইটাৰ ভোটাৰসকলক বিপিএফ দলৰ একাধিক শীর্ষ নেতাই উষ্ম আদৰণি জনায় আৰু আন্তৰিকতাৰে দলৰ সদস্য হিচাপে আঁকোৱালি লয়৷
কাজলগাঁৱত ১৩ মনোনয়ন
বিটিচি নির্বাচনৰ বাবে অধিসূচনা জাৰি কৰাৰ পিছত বৃহস্পতিবাৰে মনোনয়ন–পত্র সংগ্রহ কৰাৰ প্রথম দিনটোত কাজলগাঁও মহকুমাৰ অন্তর্গত তিনিটা সমষ্টিৰ বিপৰীতে বিভিন্ন দলীয় তথা নির্দলীয় প্রার্থী আৰু প্রার্থীসকলৰ মনোনীত সদস্যই মুঠ ১৩খন মনোনয়ন–পত্র সংগ্রহ কৰিছে বুলি জিলা নির্বাচনী বিষয়াৰ হৈ জিলা তথ্য আৰু জনসংযোগ বিভাগে এক বিবৃতিৰ জৰিয়তে প্রকাশ কৰিছে৷ তাৰ ভিতৰত ১৩নং চিৰাং আৰু ১৫নং কাজলগাঁও সমষ্টিত ৪খনকৈ আৰু ১৪নং চিৰাংদুৱাৰ সমষ্টিত সর্বাধিক ৫খন মনোনয়ন–পত্র আজিৰ দিনটোত বিভিন্ন প্রার্থীৰ হৈ সংগ্রহ কৰিছে বুলি একেটা সূত্রই প্রকাশ কৰিছে৷