দায়িত্ব গ্রহণ কৰিয়েই তৎপৰ বি কে শর্মা আয়োগ
নিয়মীয়া বাৰ্তা ৪ জুন: ৰাকেশ পালৰ কার্যকালত অসম লোকসেৱা আয়োগ (এ পি এছ চি)–এ অনুষ্ঠিত কৰা ২০১৪ বর্ষৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত সংঘটিত অনিয়মৰ তদন্তৰ বাবে অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ নেতৃত্বত গঠন কৰা আয়োগখনে ৰাইজ তথা ভুক্তভোগী প্রার্থী, বিভিন্ন সংস্থা আদিৰ পৰা মতামত বিচাৰিছে৷ যোৱা ২৩ মে’ত দায়িত্বভাৰ গ্রহণৰ পাছত আয়োগখনে এখন জাননীৰ জৰিয়তে এই মতামত প্রদান কৰিবলৈ আহ্বান জনাইছে৷ ব্যক্তিগতভাৱে অথবা ৰেজিষ্ট্রাৰ চিঠিৰ জৰিয়তে ইচ্ছুক ব্যক্তি অথবা সংস্থাই তদন্তৰ সৈতে জড়িত যিকোনো মতামত অৱগত কৰিব পাৰিব৷ অহা ১৮ জুনৰ ভিতৰত ৰেজিষ্ট্রাৰ চিঠি অথবা গুৱাহাটীৰ হেদায়েৎপুৰত থকা তদন্ত আয়োগৰ কার্যালয়ত এই মতামত লিখিত আকাৰত প্রদান কৰিব পাৰিব৷
অসম চৰকাৰ, এ পি এছ চি, অসম আৰক্ষী অথবা জিলা প্রশাসনৰ বিষয়াসকলেও এইক্ষেত্রত নিজৰ মতামত আয়োগৰ ওচৰত দাখিল কৰিব পাৰিব৷ যদিহে কোনো সাক্ষীৰ পৰীক্ষা কৰাটো বিচাৰে, সেয়াও আয়োগৰ ওচৰত দাখিল কৰিব পাৰিব৷ উল্লেখ্য যে ২০১৩ বর্ষত অনুষ্ঠিত সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত সংঘটিত অনিয়মৰ তদন্তৰ দায়িত্বও অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাকেই প্রদান কৰা হৈছিল৷ ইতিমধ্যে অৱসৰপ্রাপ্ত ন্যায়াধীশগৰাকীৰ নেতৃত্বত গঠিত আয়োগে উক্ত পৰীক্ষাৰ অনিয়মৰ তদন্ত সম্পূর্ণ কৰি চৰকাৰৰ ওচৰত প্রতিবেদন দাখিল কৰিছে৷
পৰৱর্তী সময়ত ৰাজ্য চৰকাৰে এক কেবিনেট সিদ্ধান্তৰ জৰিয়তে ২০১৪ বর্ষত অনুষ্ঠিত সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ অনিয়মৰ তদন্তও একেখন আয়োগকে প্রদান কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে৷ ইয়াৰ ভিত্তিত যোৱা ২৩ মে’ত ন্যায়িক আয়োগখনে ২০১৪ বর্ষৰ পৰীক্ষাৰ অনিয়মৰ তদন্তৰ দায়িত্ব গ্রহণ কৰে৷ এই কমিটীখনে ২০১৪ বর্ষত অনুষ্ঠিত সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ কেইবাটাও দিশ সামৰি ল’ব৷ এই পৰীক্ষাৰ প্রশ্ণকাকত প্রস্তুত কৰাৰ সময়ত বিশেষজ্ঞসকলক প্রশিক্ষণ প্রদান কৰা হৈছিল নে নাই, সাক্ষাৎকাৰ অনুষ্ঠিত কৰাৰ ক্ষেত্রত অনুসৰণ কৰা পদ্ধতি আদিকে ধৰি বিভিন্ন দিশ এই আয়োগখনে সামৰি ল’ব৷
ইপিনে আয়োগখনে দায়িত্ব গ্রহণ কৰিয়েই তদন্তৰ বাবে তৎপৰ হৈ পৰাৰ সময়তে ২০১৩ বর্ষৰ পৰীক্ষাৰ অনিয়মৰ তদন্তৰ প্রতিবেদন পৰীক্ষা কৰাৰ বাবে গঠন কৰা প্রশাসনিক বিষয়াৰ কমিটীখনৰ নিষ্ক্রিয়তাক লৈ প্রশ্ণ উত্থাপন কৰিছে ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এ পি এছ চি নামৰ সংগঠনটোৱে৷ এক বিবৃতিত সংগঠনটোৰ এডমিন মানসপ্রতিম বৰুৱাই কয় যে ৰাজ্য চৰকাৰৰ নির্দেশ পোৱাৰ পাছতেই ন্যায়িক তদন্ত আয়োগ হাতে–কামে লাগি পৰিছে৷ একে সময়তে বি কে শর্মা আয়োগৰ প্রতিবেদন চালি–জাৰি চাবলৈ আৰু প্রতিবেদনৰ পৰামর্শসমূহৰ কার্যকৰিতা পৰীক্ষা কৰিবলৈ মুখ্য সচিবৰ নেতৃত্বত গঠন কৰা কমিটীখন একপ্রকাৰ নিষ্ক্রিয় হৈ আছে৷ আনকি এই প্রশাসনিক বিষয়াৰ কমিটীখনে কার্যপন্থা হাতত লৈছে নে নাই, সেই বিষয়েও কোনো অৱগত নহয়৷ প্রশাসনিক বিষয়াৰ কমিটীখনে বর্তমানলৈ কোনো ৰাজহুৱা জাননীও প্রকাশ কৰা নাই৷ যাৰ বাবে প্রশাসনিক বিষয়াৰ কমিটীখনে দুমাহৰ ভিতৰত তেওঁলোকৰ ওপৰত অর্পণ কৰা দায়িত্ব পালন কৰিব পাৰিব নে নাই, তাক লৈ উদ্রেক সৃষ্টি হৈছে বুলিও বৰুৱাই প্রকাশ কৰে৷
এই প্রসংগতে তেওঁ কয়– ‘ৰাজ্য চৰকাৰক ন্যায়িক আয়োগে প্রতিবেদন দাখিল কৰা দুমাহৰ পাছতো জালিয়াতিত লিপ্ত হোৱা বুলি উল্লেখ কৰা প্রার্থীসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ নকৰা কার্যই সচেতন মহলক চিন্তিত কৰি তুলিছে৷ আমি শীঘ্রে এই প্রার্থীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ পুনৰ আহ্বান জনাইছোঁ৷ কিয়নো জালিয়াতিৰে বাছনিভুক্ত এইসকল বিষয়া প্রশাসনৰ শীর্ষ পদত অধিষ্ঠিত হৈ থকাটো কিমান ভয়াৱহ সেয়া সকলোৰে জ্ঞাত৷’ দায়িত্ব গ্রহণ কৰিয়ে ন্যায়িক আয়োগখনৰ এনে তৎপৰতা যথেষ্ট তাৎপর্যপূর্ণ ৰূপে বিবেচিত হৈছে৷