নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত প্রৱেশ দক্ষিণ–পশ্চিম মৌচুমী বতাহ; ৭ জুনলৈ ৰাজ্যত বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্রৰ

নিয়মীয়া বাৰ্তা ৪ জুন: অসমসহ উত্তৰ–পূর্বাঞ্চলত প্রৱেশ কৰিছে দক্ষিণ–পশ্চিম মৌচুমী বতাহ৷ যাৰ বাবে সমগ্র ৰাজ্যত অহা ৭ জুনলৈ বিজুলী–ঢেৰেকনিৰে বৰষুণ হোৱাৰ আগজাননী প্রকাশ কৰিছে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্রই৷ আজিৰ পৰা প্রৱেশ কৰা মৌচুমী বতাহৰ ফলত হ’বলগীয়া বৰষুণৰ প্রতি লক্ষ্য ৰাখি কাইলৈ অৰেঞ্জ এলার্ট জাৰি কৰা হৈছে৷ অর্থাৎ এই সময়ছোৱাত বিজুলী ঢ়েৰেকনিৰে ধাৰাসাৰ বৰষুণ হ’ব৷

আনহাতে, ৫, ৬ আৰু ৭ জুনত ইয়েল’ এলার্ট বতৰ বিজ্ঞান কেন্দ্রই জাৰি কৰিছে৷ এই তিনিওটা দিনতে ৰাজ্যৰ প্রান্তে প্রান্তে পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ অসমৰ লগতে দক্ষিণ–পশ্চিম মৌচুমী বতাহে সমগ্র উত্তৰ–পূর্বাঞ্চলকে সামৰি লোৱাৰ বাবে অৰুণাচল প্রদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয় আৰু ত্রিপুৰাতো অহা ৭ জুন পর্যন্ত বৰষুণ হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্রই আগজাননী দিছে৷ এইবাৰ যথেষ্ট আগতীয়াকৈ উত্তৰ–পূর্বাঞ্চলত দক্ষিণ–পশ্চিম মৌচুমী বতাহৰ আগমন ঘটিছে বুলিও বতৰ বিজ্ঞান কেন্দ্রই সদৰী কৰিছে৷

উল্লেখ্য যে বিগত কিছুদিন ধৰি ৰাজ্যৰ ভিন্ন প্রান্তত ধাৰাসাৰ বৰষুণ অব্যাহত আছে৷ যাৰ বাবে ৰাজ্যৰ বিভিন্ন অঞ্চলত অব্যাহত আছে বান পৰিস্থিতি৷ অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ তথ্য অনুসৰি আজিৰ দিনটোত ৰাজ্যৰ ৫খন জিলা বানত আক্রান্ত হৈ আছে৷ সেইকেইখন হৈছে কাছাৰ, ডিমা হাছাও, কামৰূপ মহানগৰ, মৰিগাঁও আৰু নগাঁও৷ ৰাজধানী চহৰ গুৱাহাটীতো বিগত কেইবাদিনো ধৰি হোৱা বৰষুণৰ ফলত ঠায়ে ঠায়ে কৃত্রিম বান হোৱা পৰিলক্ষিত হৈছে৷ যোৱানিশা আৰু আজি পুৱা প্রবল বৃষ্টিপাতৰ ফলত মহানগৰীখনৰ হাতীগাঁও, বেলতলা, চানমাৰি আদি অঞ্চল কৃত্রিম বানত বুৰ যায়৷ পুৱাৰ ভাগতে হোৱা কৃত্রিম বানৰ বাবে চৰকাৰী–বেচৰকাৰী কার্যালয়লৈ অহা কর্মচাৰীসকল, শিক্ষার্থীসকল সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হয়৷ ৰাজপথত দীর্ঘসময় ধৰি ব্যাপক যান–জঁটৰো সৃষ্টি হয়৷ বিশেষকৈ চুবুৰীয়া ৰাজ্য মেঘালয় সংলগ্ণ যোৰাবাটত আজি কৃত্রিম বানে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰে৷

You might also like